গোসাঁইগাঁৱত ধানখেৰ কঢিওৱা পিক-আপ ভানত ওলাল ১১টাকৈ গৰু-ম'হ, উশাহ নাপায় মৃত্যু এটা ম'হৰ

 


প্ৰশাসনৰ চকুত ধূলি দিয়াৰ বাবে কি নকৰে চোৰাং কাৰবাৰীয়ে? ৰাজ্যত এতিয়াও অব্যাহত থকা গৰু-ম'হৰ অবৈধ সৰবৰাহত (cow smuggling) দেখা গৈছে নতুন নতুন কৌশল। এই বাৰ গৰু-ম'হৰ ভৰি বান্ধি পিক-আপ ভানত লৈ যোৱাৰ সময়ত গ্ৰাহামপুৰ আৰক্ষীৰ হাতত  গাড়ীসহ এঘাৰটাকৈ গৰু-ম'হ জব্দ হোৱাৰ পিছত পোহৰলৈ আহে এই ঘটনা।

কোকৰাঝাৰ (Kokrajhar) জিলাৰ গোসাঁইগাঁও মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ডিংডিঙ্গাত ১১ টাকৈ চোৰাং গৰু আৰু ম'হ জব্দ কৰে আৰক্ষীয়ে। গৰু-ম'হবোৰ এখন পিক-আপ ভানত ভৰিত বান্ধি ধান  খেৰেৰে ঢাকি ধুবুৰীলৈ গৈ আছিল সৰবৰাহকাৰীয়ে। গোপন সূত্ৰে খবৰ পাই গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ দাসৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই  WB 73 C 2999  নম্বৰৰ বলেৰো পিক-আপ ভানসহ জব্দ কৰে এই গৰু আৰু ম'হবোৰ।

আৰক্ষীয়ে  ধুবুৰী-কচুগাঁও গড়কাপ্তানী পথৰ গ্ৰাহামপুৰৰ পৰা উদ্ধাৰ কৰে  গৰু আৰু ম'হবোৰ । গৰু সৰবৰাহকাৰী আঠজনকৈ সৰবৰাহকাৰীক আটক কৰে  আৰক্ষীয়ে (Police arrested cow smuggler)। এই ঘটনাত এটা ম'হৰ ইতিমধ্যে গাড়ীৰ ভিতৰতে মৃত্যু হয়।  আটকাধীন গৰু-ম'হ সৰবৰাহকাৰীকেইজন ক্ৰমে  মুছলমানপাৰা গাঁৱৰ তয়জাল শেখ (৪০), আবু তাহেৰ শেখ (৩৫), বৰজান গাঁৱৰ ছোমেদ আলী শেখ (৩৮), উজানপেটলা ১ম খণ্ড গাঁৱৰ চাহাজামাল শেখ (২৬), পশ্চিম বংগৰ পূৰ্ব ফলিমাৰী গাঁৱৰ ছিৰাজ আলী শেখ ,  নুৰ ইছমাইল শেখ (২৭) হাৰাফুটা ছিট গাঁৱৰ জয়নাল আবেদিন (২৮) পশ্চিম বংগৰ  চেংমাৰী অঞ্চলৰ ছামছুল হক (২৭), আৰু ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ আতোয়াৰ আলী (২৭)। 

Post a Comment

0 Comments