আপোনাৰ শিশুটিও অমিক্ৰণত আক্ৰান্ত হৈছে নেকি! জানি লওক এই ৫ বিশেষ লক্ষণ কি কি


 কৰোনাভাইৰাছৰ প্ৰথম ঢৌ (CoronaVirus First Wave)ৰ তুলনাত দ্বিতীয় ঢৌৰ (Corona Second Wave) সময়ত ডেল্টা প্ৰকাৰৰ দ্বাৰা অধিক শিশু সংক্ৰমিত হৈছিল। অমিক্ৰণৰ দ্বাৰা হোৱা তৃতীয় ঢৌ (Corona Third Wave)তো এতিয়া একে ধৰণৰ প্ৰৱণতা দেখা গৈছে। শিশুসকলক আগতে কেৱল কেৰিয়াৰ বুলি গণ্য কৰা হৈছিল কিন্তু এতিয়া ভাইৰাছটো প্ৰাপ্তবয়স্কসকলৰ দৰেই শিশুৰ বাবেও বিপদজনক বুলি প্ৰমাণিত হৈছে। কোভিডৰ দ্বাৰা সংক্ৰমিত শিশুসকলৰ দেহতো (Covid19 in Child) এতিয়া গুৰুতৰ লক্ষণ দেখা গৈছে। যাৰ বাবে বহু শিশুক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে। বিশেষকৈ সেই শিশুসকল যি ইতিমধ্যে গুৰুতৰ ৰোগত ভুগি আছে।

যদিও যোৱা কেইসপ্তাহমানত ভাৰতত কোভিডৰ সংক্ৰমণৰ (Covid Cases india) সংখ্যা হ্ৰাস পাইছে তথাপি কোভিড এতিয়াও সমাপ্ত হোৱা নাই। সেয়েহে, আমি সকলোৱে শিশুৰ সংক্ৰমণৰ (Covid19 Omicron Symptoms in Child) সচৰাচৰ লক্ষণবোৰ জনাটো গুৰুত্বপূৰ্ণ।শিশুৰ ক্ষেত্ৰত কোভিড সংক্ৰমণৰ সচৰাচৰ লক্ষণ

জোই কোভিডৰ লক্ষণ অধ্যয়ন অনুসৰি দুৰ্বলতা হৈছে শিশুৰ কোভিড সংক্ৰমণৰ এক অতি সচৰাচৰ লক্ষণ। তাৰ পিছত মূৰৰ বিষ, ডিঙিৰ বিষ, পানী লগা আৰু হাঁচি অহা আদি লক্ষণ। জই কোভিড অধ্যয়ন হৈছে এক স্মাৰ্টফোন এপ, যাক মহামাৰীৰ সময়ত ইউকেত কৰোনাভাইৰাছত ভুগি থকা লোকসকলে কেনেদৰে লক্ষণ অনুভৱ কৰে সেয়া জানিবলৈ বিকশিত কৰা হৈছিল।

এপটো শিশু আৰু প্ৰাপ্তবয়স্ক দুয়োৰে দ্বাৰা লক্ষণবোৰ অনুসৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় যাৰ ওপৰত আধাৰ কৰি গৱেষকসকলে সাধাৰণ অমিক্ৰন (Omicron) লক্ষণবোৰৰ তালিকা সংকলন কৰিছে। এপৰ তথ্য অনুসৰি প্ৰাপ্তবয়স্কলোকৰ ক্ষেত্ৰত দেখা পোৱা লক্ষণবোৰ শিশুৰ লক্ষণতকৈ পৃথক আছিল। ই লগতে লক্ষ্য কৰিছিল যে প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত নাকৰ পানী ওলোৱাটো প্ৰথম লক্ষণ, তাৰ পিছত মুৰৰ বিষ, দুৰ্বলতা আৰু হাঁচিৰ দৰে লক্ষণ দেখা যায়। শ্বাসতন্ত্ৰৰ সৈতে সম্পৰ্কিত লক্ষণবোৰৰ উপৰি, অমিক্ৰণে শৰীৰৰ আন অঙ্গবোৰকো প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ ফলত কিছুমান অস্বাভাৱিক লক্ষণ যেনে ডায়েৰিয়া আৰু চোকোৰাও লাগিব পাৰে। অৱশ্যে, এইটো সচৰাচৰ নহয় আৰু কেইজনমান লোকৰ ক্ষেত্ৰতহে দেখা গৈছে।

Post a Comment

0 Comments