নতুন নিয়ম! কোৰোণা পৰীক্ষা কৰোতে দেখুৱাব লাগিব Aadhaar Card

 


এতিয়াৰ পৰা ঘৰতে কোৰোণা পৰীক্ষা কৰিব পাৰিব সাধাৰণ লোকে। ইণ্ডিয়ান কাউঞ্চিল অব মেডিকেল ৰিচাৰ্চে ঘৰতে বহি কোৰোণা পৰীক্ষাৰ কৰাৰ কিট কোভিছেল্ফক অনুমোদন জনাইছে।কোৰোণা আৰু নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ সংক্ৰমণ প্ৰতিদিনে বাঢ়িছে। দিল্লী হওক বা মুম্বাই, দেশৰ ভিতৰতে কোৰোণাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক।নতুনকৈ কোৰোণাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বাঢ়িছে। স্বাস্থ্যমন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা মতে, স্বাস্থ্যৰ অৱনতি নহ'লে, কোৰোণাৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই।এতিয়াৰ পৰা ঘৰতে কোৰোণা পৰীক্ষা কৰিব পাৰিব সাধাৰণ লোকে। ইণ্ডিয়ান কাউঞ্চিল অব মেডিকেল ৰিচাৰ্চে ঘৰতে বহি কোৰোণা পৰীক্ষাৰ কৰাৰ কিট কোভিছেল্ফক অনুমোদন জনাইছে।এই কিটৰ জৰিয়তে সাধাৰণ মানুহে মাত্ৰ ২৫০ টকা খৰচ কৰিয়েই কোৰোণা পৰীক্ষা কৰিব পাৰিব। এই কোৰোণা পৰীক্ষাৰ বাবে বিশেষ বিজ্ঞপ্তি জাৰি কৰিছে ICMR-এ।য'ত অপ্ৰয়োজনীয় পৰীক্ষা নকৰাৰ পৰামৰ্শ দিছে। সঠিক তথ্য যাতে প্ৰকাশ পাই, সেই ক্ষেত্ৰত এই কিট ক্ৰয়ৰ সময়ত মুম্বাই প্ৰশাসনে কিছু নতুন নিয়ম জাৰি কৰিছে।মুম্বাইৰ মেয়ৰ কিশোৰী পেডেনকৰে জনাইছে যে, কোভিড টেষ্টিং কিট ক্ৰয় কৰিবলৈ দোকানলৈ গ'লে দেখুৱাব লাগিব আধাৰ কাৰ্ড।ঘৰত টেষ্ট কৰাৰ পিছত কোৰোণা পজিটিভ হলে, তেতিয়া সেই তথ্যৰ পৰাই অনলাইনত আপডেট কৰিব পাৰিব স্বাস্থ্য বিভাগে।

Post a Comment

0 Comments