দেশত আজিও ঊৰ্ধ্বমুখী কোৰোণাৰ গ্ৰাফ, দৈনিক আক্ৰান্তৰ সংখ্যা ৩ লাখ ১৭ হাজাৰ অতিক্ৰম

 


বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪৯১জনৰ। এই সংখ্যাও পূৰ্বৰ দিনটোতকৈ বহু বেছি। মুঠ মৃত্যুৰ সংখ্যা ৪ লাখ ৮৭ হাজাৰ ৬৯৩জন হৈছেগৈ দেশত।অমিক্ৰনৰ আতংকত ত্ৰস্তমান সমগ্ৰ দেশ। ব্ৰিটেইন, স্পেইনৰ দৰে দেশত কোৰোণাৰ তৃতীয় ঢৌ অতিক্ৰম কৰি স্বাভাৱিক জীৱনযাত্ৰা উভতি অহাৰ সময়ত ভাৰতত দৈনিক বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা। কোৰোণাৰ তৃতীয় ঢৌত প্ৰথমবাৰৰ বাবে দৈনিক আক্ৰান্তৰ সংখ্যা ৩ লাখৰ ঘৰ অতিক্ৰম কৰিলে। বাঢ়িছে এক্টিভ কেছ আৰু পজিটিভিটি ৰেটো।

বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে কোৰোণা কোনোদিনেই শেষ নহ’ব বুলি সতৰ্কবাণী জাৰি কৰিছে। কিন্তু সম্প্ৰতি যি হাৰত কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পাইছে তাৰ বাবে এতিয়া উদ্বিগ্নতা বৃদ্ধি পাইছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহৰ।বৃহস্পতিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ৩ লাখ ১৭ হাজাৰ ৫৩২জন। যিটো তাৰ পূৰ্বৰ দিনতকৈ ৩৫ হাজাৰ অধিক। দেশৰ পজিটিভিটি ৰেট পুনৰ বাঢ়ি ১৬.৪১ শতাংশ হৈছে।সাপ্তাহিক পজিটিভিটি ৰেট ১৬.০৬ শতাংশ। যিয়ে এতিয়া চিন্তাত পেলাইছে চিকিৎসকসকলক। এতিয়ালৈ দেশত মুঠ অমিক্ৰন আক্ৰান্ত ৯ হাজাৰ ২৮৭জন। আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪৯১জনৰ। এই সংখ্যাও পূৰ্বৰ দিনটোতকৈ বহু বেছি। মুঠ মৃত্যুৰ সংখ্যা ৪ লাখ ৮৭ হাজাৰ ৬৯৩জন হৈছেগৈ দেশত।

Post a Comment

0 Comments