নলবাৰীত বাতিল কৰা হ'ল অনুষ্ঠিত হ'ব লগা সকলো ধৰণৰ সভা-সমিতি, ক্ৰীড়া প্ৰতিযোগিতা, থিয়েটাৰৰ নাট প্ৰদৰ্শন। জিলা দণ্ডাধীশে জাৰি কৰিলে এই নিৰ্দেশনা। নলবাৰী জিলাত কোৰোণা পৰিস্থিতিৰ অৱনতি ঘটাৰ বাবেই এই নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে।
এই নিৰ্দেশনা অনুসৰি ১৩ জানুৱাৰী আৰু তাৰ পিছত হ'বলগীয়া সকলোধৰণৰ অনুষ্ঠানৰ বাবে প্ৰশাসনে দিয়া অনুমতি বাতিল কৰা হয়। সকলো ধৰণৰ সভা-সমিতি, ক্ৰীড়া প্ৰতিযোগিতা, থিয়েটাৰৰ নাট প্ৰদৰ্শনৰ অনুমতি ইয়াৰ দ্বাৰা বাতিল কৰা হয়।
0 Comments