ডিমা হাছাওৰ IPFৰ প্ৰতিনিধিবৰ্গৰে দিছপুৰত মুখ্যমন্ত্ৰীৰ বৈঠক, তিনি মন্ত্ৰীক লৈ কমিটী গঠন


 দেওবাৰৰ দিনটোত বহুকেইখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ দেওবাৰৰ দিনটোত মুখ্যমন্ত্রী ড° শর্মাই ডিমা হাছাওৰ ইণ্ডিজেনাছ পিপলছ্ ফ’ৰাম (Indigenous People's Forum)ৰ প্ৰতিনিধিসকলৰ সৈতেও এখন বৈঠকত মিলিত হয় ।ইণ্ডিজেনাছ পিপলছ্ ফ’ৰামৰ প্ৰতিনিধিসকৰ অভিযোগবোৰ শুনাৰ অন্তত গুৰুত্বসহকাৰে অধ্যয়নৰ লগতে সম্পূর্ণ ব্যৱহাৰিকভাৱে সকলোৰে অভিযোগ নিষ্পত্তি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে (Chief Minister Dr. Himanta Biswa Sarma) আশ্বাস প্রদান কৰে।

মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পীয়ূষ হাজৰিকা আৰু বিমল বৰাৰ নেতৃত্বৰ তিনিজনীয়া সমিতিয়ে সকলো দাবীৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে ডিমা হাছাও জিলাৰ সকলো সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে কথা পাতিব বুলিও মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে ।লগতে বৈঠকত পাহাৰীয়া জিলাখনত (Dima Hasao) পথ, আন্তঃগাঁথনিৰ সন্দৰ্ভত পথ নিৰ্মাণ, মেৰামতি আৰু ৰূপান্তৰৰ বাবে ইতিমধ্যে গ্রহণ কৰা পদক্ষেপ সম্পর্কেও পর্যালোচনা কৰা হয় । এই বৈঠকত অসম চৰকাৰৰ  মন্ত্রী পৰিমল শুক্লবৈদ্য আৰু যোগেন মহন উপস্থিত আছিল।

Post a Comment

0 Comments