মাজনিশা হঠাতে বাতিল কৰা হল মুখ্যমন্ত্ৰীৰ পৰবৰ্তী দিনৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Dr. Himanta Biswa Sarma) শোণিতপুৰ ভ্ৰমণসূচী বাতিল কৰা হয়৷ তেওঁ শোণিতপুৰৰ ৰঙাপৰা, চাৰিদুৱাৰ আৰু জামুগুৰিত তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছিল৷ কিন্তু নিশা বাতিল কৰা হয় মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচী৷ নিশাতেই শোণিতপুৰৰ উপায়ুক্তক এই সন্দৰ্ভত জনোৱা হয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা৷
কিন্তু কিয় হঠাতে বাতিল কৰা হ'ল মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সেই সম্পৰ্কে ষ্পষ্ট কৰা হোৱা নাই৷ ধাৰণা কৰা হৈছে শুকুৰবাৰে অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অহাৰ পিছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ক'ভিডত আক্ৰান্ত হয়৷ হয়তোবা এনে আশংকাতে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ভ্ৰমণসূচী বাতিল কৰা হয়৷ অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিক কোনো বিবৃতি প্ৰকাশ কৰা হোৱা নাই
0 Comments