গোচৰত বেংগালুৰুত জালত পৰিল 21 বছৰীয়া অভিযন্তা, SMত মুছলমান মহিলাৰ ফটো ‘নিলাম’ কৰা Bulli Bai এপ কি জানক

 


মুম্বাই আৰক্ষীয়ে সোমবাৰে জনায় যে, মুছলমান মহিলাসকলক লক্ষ্য কৰা 'বুলি বাই' এপৰ সন্দৰ্ভত বাংগালুৰুৰ এজন ২১ বছৰীয়া যুৱকক আটক কৰা হৈছে। এপটোত শ শ মুছলমান মহিলাৰ ফটো নিলামৰ বাবে ৰখা হৈছে, যাৰ ভিতৰত আছে কিছুমান সন্মানীয় মহিলাৰ নামো। সংবাদ সংস্থা এএনআইৰ এক ইনপুটে জনায় যে, আৰক্ষীৰ জালত পৰা বাংগালুৰুৰ  দ্বিতীয় বৰ্ষৰ চিভিল ইঞ্জিয়ানিয়াৰিঙৰ বিদ্যাৰ্থীজনৰ পৰিচয় প্ৰকাশ কৰা নাই। ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত দোষীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে বিবদমান ম’বাইল এপ বুলি বাই নিৰ্মান কৰা ব্যক্তিৰ বিষয়ে গিটহাব প্লেটফৰ্মৰ পৰা আৰু বিতৰ্কিত মোবাইল এপ 'বুলি বাই'ৰ বিষয়ে সৰ্বপ্ৰথম পোষ্ট কৰা ব্যক্তিৰ বিষয়ে টুইটাৰত তথ্য বিচাৰে। দিল্লী আৰক্ষীয়ে টুইটাৰক ইয়াৰ প্লেটফ’ৰ্মৰ পৰা 'বুলি বাই এপ'ৰ সন্দৰ্ভত পোষ্ট কৰা সকলো "আপত্তিজনক সমল" আঁতৰাবলৈ আৰু নিষিদ্ধ কৰিবলৈও জনায়।

দিল্লী আৰক্ষীৰ (Delhi Police) এগৰাকী মহিলা সাংবাদিকে যোৱা শনিবাৰে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি অভিযোগ কৰে যে মুছলমান মহিলা সমাজক (Muslim Women)ৰ লজ্জিত আৰু অপমান কৰাৰ উদ্দেশ্যৰে তেওঁৰ এখন ফটো এডিট সহ ৱেবছাইটত পোষ্ট কৰা হৈছে। মহিলা সাংবাদিকগৰাকীয়ে দক্ষিণ দিল্লীৰ চি আৰ পাৰ্ক আৰক্ষী থানাত এটা অনলাইন অভিযোগ দাখিল কৰিছিল, যিটো তেওঁ তেওঁৰ টুইটাৰ হেণ্ডেলতো শ্বেয়াৰ কৰিছিল৷ দিল্লী আৰক্ষীয়ে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিষয়টো বিবেচনা কৰা হৈছে৷ কিন্তু এইটো ঘটনা কি? আহক জানো...

ৰিপোজিটৰী হোষ্টিং সেৱা গিটহাব (GitHub)ৰ এটা বিতৰ্কিত মোবাইল এপে মুছলমান মহিলাসকলৰ সন্মতি অবিহনে ফটো আপলোড কৰাৰ পিছত ছচিয়েল মিডিয়াত মানুহৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰে। খবৰ অনুসৰি 'বুলি বাই' (Bulli Bai) নামৰ এপটোত মুছলমান মহিলাৰ ফটো নিলাম কৰা দেখা গৈছিল। ইয়াৰ কেইমাহমানৰ পিছত, কিছু অজ্ঞাত ব্যক্তিয়ে একে ধৰণৰ এপ চুলি ডিল (Sulli Deal) সৃষ্টি কৰে, য'ত শ শ মুছলমান মহিলাৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰা লোৱা ছবি আপলোড আৰু নিলাম কৰা হয়। সামাজিক মাধ্যমত ক্ষোভৰ পিছত এপটো আঁতৰোৱা হয়।

Post a Comment

0 Comments