Bridge Broken at Sivasagar: ভাগি দুটুকুৰা হ'ল চেপন-চূণপোৰা পথৰ দিচাং নৈৰ দলং, ব্যাহত যাতায়াত


 শিৱসাগৰ জিলাৰ চেপন চূণপোৰা সংযোগী পথত সংঘটিত হয় এক অঘটন। পথটোৰ বকতা অঞ্চলত দিচাং নৈৰ ওপৰত থকা পকী এখন দলং মাজতে ভাঙি পৰাত ব্যাহত হৈ পৰিছে অঞ্চল দুটাৰ যাতায়াত । দেওবাৰে পুৱা ৯ বজাত এখন শিলভৰ্তি ডাম্পাৰ দলংখনেদি পাৰ হওঁতেই আকস্মিকভাৱে মাজতে ভাগি পৰে দলংখন (chepan-sunpora Connecting Bridge Broken)।

সম্প্ৰতি বৃহত্তৰ বকতা অঞ্চলৰ ৰাইজৰ শিৱসাগৰ , নাজিৰা , শিমলুগুৰি অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ১৯৭১ চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা দলংখনৰ ১৯৭৭ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল আৰু বিগত এদশকজুৰি দলংখন অতি দুৰ্বল হৈ পৰিছিল। দলংখন মেৰামতিৰ বাবে ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো কাণসাৰ দিয়া নাছিল কৰ্তৃপক্ষই। এতিয়া আকস্মিকভাৱে দলংখন ভাঙি পৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ।

ইফালে অ'এনজিচিৰ গধুৰ যান-বাহন অহৰহ চলাচল কৰা দলংখনৰ প্ৰতি সদা উদাসীন মনোভাব প্ৰদৰ্শন কৰি অহা অ'এনজিচি কৰ্তৃপক্ষৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে ৰাইজে।
শিৱসাগৰ জিলা উপায়ুক্ত অঞ্চলটোত উপস্থিত হৈ ঘটনা সন্দৰ্ভত বুজ লৈ তদন্তৰ আশ্বাস দিছে।

Post a Comment

0 Comments