একতা কাপুৰৰ পৰৱৰ্তী নাগিন হ’ব Bigg Boss 15ৰ বিজয়ী তেজস্বী প্ৰকাশ, ঘোষণা কৰিলে ছলমান খানে


 তেজস্বী প্ৰকাশে (Tejasswi Prakash) দখল কৰিলে বিগ বছ ১৫ (Bigg Boss 15)ৰ খিতাপ। প্ৰতীক সহজপাল (Pratik Sehajpal)ক হৰুৱাই তেজস্বীয়ে এই ছিজনৰ বিজয়ী হয়। শ্ব’ৰ হোষ্ট ছলমান খানে (Salman Khan) দেওবাৰে বিজয়ী আৰু প্ৰাইজমানি ঘোষণা কৰে। তেজস্বী এই ছিজনৰ চূড়ান্ত বিজয়ী হোৱাৰ লগতে প্ৰথম ৰানাৰআপ হয় প্ৰতীক সহজপাল আৰু দ্বিতীয় ৰানাৰআপ হয় কৰন কুন্দ্ৰা। বিগ বছ ১৫ৰ চূড়ান্ত বিজয়ীৰ সৈতে ছলমান খানে আন এক ঘোষণা কৰে, এই ঘোষণা একতা কাপুৰৰ (Ekta Kapoor) ড্ৰামা নাগিনৰ (Naagin) পৰৱৰ্তী ছিজনৰ সৈতে সম্পৰ্কিত।

ছলমান খানে কয় যে একতা কাপুৰৰ ছুপাৰনেচাৰেল আৰু ছুপাৰহিট ড্ৰামা নাগিনৰ পৰৱৰ্তী ছিজনৰ নাগিন আন কোনো নহয়, তেজস্বী হ’ব। ছলমান খানে বিগ বছ ১৫ৰ বিজয়ী আৰু নাগিন ৬ৰ নাগিনৰ নাম প্ৰকাশ কৰি অনুৰাগীক দুগুণ আনন্দিত কৰে।

Post a Comment

0 Comments