পলক তিৱাৰীৰ এনে কৰ্মকাণ্ড দেখি লাজতে মুখ লুকুৱাইছে ইব্ৰাহিম আলী খানে, ইণ্টাৰনেটত ভাইৰেল দুয়োৰে এনে ভিডিও

 


বেতা তিৱাৰীৰ কন্যা পলক তিৱাৰী আৰু ছেইফ আলী খানৰ ডাঙৰ পুত্ৰ ইব্ৰাহিম আলী খান কিছুদিন ধৰি চৰ্চাত আছে। পলক আৰু ইব্ৰাহিমক একেলগে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত এখন গাড়ীৰ ভিতৰত দেখা গৈছিল। তাৰ পিছতে ছচিয়েল মিডিয়াত আৰম্ভ হয় হাংগামা। আৰু আলোচনা চলে যে, আচলতে দুয়ো কি কৰি আছিল গাড়ীৰ ভিতৰত। নেটিজেনে ভাবিছিল যে, দুয়ো ডেটিঙত ব্যস্ত আছিল। কিন্তু এটা ভাইৰেল ভিডিওই কৰি দিলে সকলো ওলট-পালট। খবৰ ওলাইছে যে, পলক তিৱাৰীৰ কৰ্মকাণ্ডত এতিয়া লাজত মুখ লুকুৱাইছে ইব্ৰাহিম আলী খানে।

দৰাচলতে, পলক তিৱাৰী আৰু ইব্ৰাহিম আলী খানক যেতিয়া গাড়ীত একেলগে কেমেৰাত আবদ্ধ কৰে। সেই সময়ত পাপাৰাজীৰ সময়ত মুখ লুকুৱাইছিল পলত তিৱাৰীয়ে। আৱনহাতে ইব্ৰাহিম আলী খানে হাঁহি থকা দেখিবলৈ পোৱা গৈছিল। বলীউদৰ এক ৰিপৰ্ট অনুসৰি, পলকৰ এই কৰ্মকাণ্ড একেবাৰে ভাল পোৱা নাছিল।ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে পলকেও কিছু লজ্জা অনুভৱ কৰিছে বুলি দাবী কৰিছে একাংশই। আনহাতে এই ঘটনাৰ পিছতে ইব্ৰাহিম আৰু পলকে ইজনে সিজনৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰখা নাই।

জানিব পৰা মতে, পলক আৰু ইব্ৰাহিমৰ মাজত প্ৰেমৰ সম্পৰ্ক নাই যদিও দুয়ো ভাল বন্ধু। কিন্তু এই ঘটনাটোৰ পিছৰে পৰা দুয়ো দূৰত্ব বজাই ৰাখিছে বুলি দাবী কৰিছে সূত্ৰটোৱে।

Post a Comment

0 Comments