অমিক্ৰনত আক্ৰান্ত ঋত্বিক ৰোশনৰ প্ৰাক্তন পত্নী ছুজেন, ছচিয়েল মিডিয়াত কৰিলে প্ৰকাশ


 ছুজেন খানে ছচিয়েল মিডিয়াৰ জৰিয়তে এই কথা সদৰি কৰিছে। ছুজেন খানে ইনষ্টাগ্ৰামত নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজপ বাইছেপ্ছ প্ৰদৰ্শন কৰিছে। 

কোৰোণা ভাইৰাছৰ Coronavirus৯) নতুন ভেৰিয়েণ্ড অমিক্ৰনে (Omicron ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত। বিগত দুটা লহৰৰ পিছত এতিয়া দ্ৰুতগতিত বিয়পিছে কোৰোণাৰ তৃতীয় লহৰ। সম্ভাৱনা প্ৰকাশ কৰা হৈছে যে তৃতীয় লহৰত প্ৰতিদিনে ১০ লাখৰো অধিক লোক আক্ৰান্ত হ’ব পাৰে। দেশত অমিক্ৰনৰ আতংকৰ মাজতে বলীউদৰ তাৰকাও আক্ৰান্ত হৈছে এই মহামাৰীত। এতিয়া ঋত্বিক ৰোশনৰ প্ৰাক্তন পত্নী ছুজেন খান (Sussanne Khan) আক্ৰান্ত হৈছে কোৰোণাত।

ছুজেনে নিজৰ পোষ্টত লিখিছে, ‘‘কোৰোণা ভাইৰাছক দুবছৰ ফাকি দিয়াৰ পিছত তৃতীয় লহৰত ২০২২ত শেষত অমিক্ৰন ভেৰিয়েণ্টে মোৰ ইমিউন ছিষ্টেমত আক্ৰমণ কৰিলে। যোৱানিশা মোৰ কোভিট টেষ্ট পজিটিভ আহিছে। অনুগ্ৰহ কৰি সকলো সুৰক্ষিত থাকক, নিজৰ যতন লওক, ই বহুত বেছি সংক্ৰামক।’’

ছুজেন খানে ছচিয়েল মিডিয়াৰ জৰিয়তে এই কথা সদৰি কৰিছে। ছুজেন খানে ইনষ্টাগ্ৰামত নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজপ বাইছেপ্ছ প্ৰদৰ্শন কৰিছে। ফটো শ্বেয়াৰ কৰি ছুজেন খানে কয় যে তেওঁ কোৰোণাত আক্ৰান্ত হৈছে।

Post a Comment

0 Comments