কোৱাৰেণ্টাইনৰ সময়ত এই অৱস্থা হ’ল ঈশা গুপ্তাৰ, ফটো দেখি আপুনিও ক’ব OMG


 
ফটোত ঈশাক কেৱল এটা বগা ছাৰ্ট পিন্ধি থকা দেখা গৈছে। তেওঁ নিজৰ চকু বন্ধ কৰি আৰাম কৰি থকা দেখা গৈছে ফটোত। 

মনোৰঞ্জন জগতৰ কেইবাগৰাকীও তাৰকা কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। বলীউদৰ অভিনেত্ৰী ঈশা গুপ্তাও আক্ৰান্ত হৈছে এই মহামাৰীত। শেহতীয়াকৈ কোৰোণা পজিটিভ হোৱাৰ খবৰ নিজেই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ঈশাই। বৰ্তমান কোৰোণা বিধি পালন কৰি হোম আইছ’লেচনত আছে অভিনেত্ৰীগৰাকী। কোভিড১৯ৰ সৈতে যুঁজৰ কেতবোৰ ফটো শ্বেয়াৰ কৰিছে ঈশাই। যিবোৰ ফটো বৰ্তমান ভাইৰেল হৈ পৰিছে।

ঈশা গুপ্তাই হোম আইছ’লেচনত থকাৰ ব’ল্ড ফটো শ্বেয়াৰ কৰিছে। তিনিখন ফটো শ্বেয়াৰ কৰিছে ঈশাই। তিনিওখন ফটোত বেলেগ বেলেগ প’জত দেখা গৈছে অভিনেত্ৰীগৰাকীক। অৱশ্যে এই ফটো পুৰণি নে নতুন সেয়া প্ৰকাশ কৰা নাই ঈশাই।

ফটোত ঈশাক কেৱল এটা বগা ছাৰ্ট পিন্ধি থকা দেখা গৈছে। তেওঁ নিজৰ চকু বন্ধ কৰি আৰাম কৰি থকা দেখা গৈছে ফটোত। এই ফটোত ঈশাক মেকআপ অবিহনে খোলা চুলিৰ সৈতে নেচাৰেল লুকত দেখা গৈছে।

Post a Comment

0 Comments