দীপিকা পাডুকণে ৰণবীৰ সিঙৰ সৈতে বিয়াৰ ৪ বছৰ পূৰ্বেই গোপনে কৰিছিল এই কাম?


আজি বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকণৰ (Deepika Padukone) জন্মদিন। ৫ জানুৱাৰী ১৯৮৬ত জন্মগ্ৰহণ কৰা দীপিকাৰ (Happy Birthday Deepika Padukone) ৩৬ বছৰ সম্পূৰ্ণ হ’ল। দীপিকা বলীউদৰ অতি জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী। দীপিকা আৰু ৰণবীৰ সিঙৰ প্ৰেম কাহিনী শুনিবলৈ অনুৰাগীয়ে খুবেই পছন্দ কৰে। কিন্তু আপুনি জানেনে যে দীপিকা আৰু ৰণবীৰ সিঙে বিয়াৰ ৪ বছৰ পূৰ্বেই গোপনে এংগেজমেণ্ট কৰিছিল।

দীপিকা পাডুকণক (Deepika Padukone) ২০১২ চনত সঞ্জয় লীলা ভাঞ্চালীৰ ‘গোলিয়ো কী ৰাসলীলা ৰাম–লীলা (Goliyon Ki Raasleela Ram-Leela)’ৰ নিৰ্মাণৰ সময়ত ৰণবীৰ সিঙৰ (Ranveer Singh) প্ৰেমত পৰিছিল। ৬ বছৰৰ সম্পৰ্কত থকাৰ পিছত দুয়ো ২০১৮ চনত বিবাহপাশত আবদ্ধ হয়। কিন্তু এই কথাটো মানুহে নাজানিছিল যে তাৰ ৪ বছৰ পূৰ্বেই দুয়ো এংগেজমেণ্ট কৰিছিল।

এই এংগেজমেণ্টৰ কথা খোদ দীপিকাই বহুদিন পিছত প্ৰকাশ কৰিছিল। ২০১৮ত ফিল্মফেয়াৰক দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁলোকে এই খবৰটো কেৱল পৰিয়ালৰ মাজতে সিমিত ৰাখিিল। দীপিকাই কয়, ‘যেতিয়া মই পিছলৈ চাওঁ, ছমাহ পূৰ্বে আমাৰ সম্পৰ্কত সম্পূৰ্ণৰূপে ইম’চনেলী ইনভেষ্টেড আছিল। তাৰ পিছত ভাবিছিলো যে আমি কেতিয়া বিয়া পাতিম? মই ৰণবীৰক লৈ কেতিয়া নিশ্চিত নাছিলো।

Post a Comment

0 Comments