চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ পৰা অপহৰণ কৰিছে এজন ১৭ বছৰীয়া কিশোৰক ! সাংসদে বিচাৰিছে সহায়
-
January 20, 2022
অৰুণাচল প্ৰদেশৰ (Arunachal
Pradesh) সাংসদ তাপিৰ গাও (Tapir Gao)য়ে বুধবাৰে কয় যে চীনৰ পিপলছ
লিবাৰেচন আৰ্মীয়ে (Chinese Army) ৰাজ্যখনৰ ভাৰতীয় ভূখণ্ডৰ উজনি চিয়াং
জিলাৰ পৰা এজন ১৭ বছৰীয়া কিশোৰক অপহৰণ কৰিছে।অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) সাংসদ তাপিৰ গাও (Tapir Gao)য়ে
বুধবাৰে কয় যে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (Chinese Army) ৰাজ্যখনৰ
ভাৰতীয় ভূখণ্ডৰ উজনি চিয়াং জিলাৰ পৰা এজন ১৭ বছৰীয়া কিশোৰক অপহৰণ কৰিছে।
তেওঁ কৈছে যে অপহৃত কিশোৰজনক মিৰাম টাৰন বুলি চিনাক্ত কৰা হৈছে। তেওঁ
কৈছিল যে চীনা সেনাই কিশোৰজনক চিয়ুংলা অঞ্চলৰ লুংটা জোৰ অঞ্চলৰ পৰা অপহৰণ
কৰিছিল। ইয়াৰ আগতেও অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত চীনা সৈন্যৰ
অনুপ্ৰৱেশৰ খবৰ পোৱা গৈছিল।
সাংসদজনে ল'ৱাৰ শোৱণশিৰি জিলাৰ জিলা সদৰ
জিৰোৰ পৰা পিটিআইক ফোনযোগে জনায় যে পিএলএৰ পৰা পলাই যাবলৈ সক্ষম হোৱা
টাৰণৰ বন্ধু জনি য়িঙে স্থানীয় কৰ্তৃপক্ষক অপহৰণৰ বিষয়ে অৱগত কৰে। তেওঁ
বৰ্ণনা কৰিছে যে দুয়োজন কিশোৰ জিৰো গাঁৱৰ বাসিন্দা।
0 Comments