নতুন গাড়ী কিনাৰ পৰিকল্পনা কৰিছে যদি কিছুদিন ৰৈ দিয়ক, শীঘ্ৰে অসমত সহজলভ্য হৈ পৰিব বৈদ্যুতিক চাৰিচকীয়া বাহন

 


অচিৰেই অসমৰ ৰাজপথত চলিব বৈদ্যুতিক চাৰিচকীয়া বাহন। উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো ডি চি ইলেকট্ৰিক ভেহিকল চাৰ্জিং ষ্টেচন স্থাপন কৰা হৈছে যোৰহাটত। অতি কম দিনৰ ভিতৰতে অসমৰ বিভিন্ন স্থানত স্থাপন কৰা হ’ব এনে চাৰ্জিং ষ্টেচন। অতি কম ব্যয়েৰে যাতায়াত কৰিব পাৰি এনে বৈদ্যুতিক বাহনেৰে। পৰ্যাপ্ত আন্তঃগাঁথনি হৈ উঠাৰ পিছত এনে বৈদ্যুতিক বাহনৰ চাহিদা বৃদ্ধি পোৱাৰ আশা কৰা হৈছে।

সেয়েহে বৰ্তমান অতি চালুকীয়া অৱস্থাত থাকিলেও অচিৰেই অসমৰ ৰাজপথত দেখিবলৈ পোৱা যাব চাৰিচকীয়া বৈদ্যুতিক চাৰিচকীয়া বাহন। বৈদ্যুতিক বাহনসমূহৰ দ্ৰুত চাৰ্জিঙৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে অসমত। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো ডি চি ইলেকট্ৰিক ভেহিকল চাৰ্জিং ষ্টেচন স্থাপন কৰা হৈছে যোৰহাটত। জুল পইণ্ট নামৰ প্ৰতিষ্ঠানটোৱে যোৰহাটৰ হোটেল জিৰণিৰ চৌহদত নিৰ্মাণ কৰিছে এই চাৰ্জিং ষ্টেচনটো। অসমৰ বিভিন্ন ঠাইত অহা তিনি মাহৰ ভিতৰত আৰু ১৫টা এনে চাৰ্জিং ষ্টেচন স্থাপন কৰিব জুল পইণ্টে। অহা এবছৰৰ ভিতৰত অসমৰ অধিকাংশ ঠাইতে জুল পইণ্টে প্ৰায় দুশ এনে চাৰ্জিং ষ্টেচন নিৰ্মাণ কৰিব বুলি জানিবলৈ দিছে। এনে একোটা ষ্টেচনত ৪৫ কিলোৱাট ক্ষমতাৰ এখন গাড়ী চাৰ্জ কৰিবলৈ এঘণ্টাৰ পৰা ডেৰ ঘণ্টা সময়ৰ প্ৰয়োজন হয়।

৪৫ কিলোৱাটৰ এনে এখন গাড়ী সম্পূৰ্ণৰূপে চাৰ্জ কৰিবলৈ প্ৰয়োজন হ’ব মাত্ৰ ৪৫০–৬০০। আৰু এবাৰ সম্পূৰ্ণ চাৰ্জ দিয়াৰ পিছত গাড়ীখনেৰে গড়ে ৩০০-৩৫০ কিলোমিটাৰ যাতায়াত কৰিব পৰা যাব। সেই হিচাপে যোৰহাটৰ পৰা গুৱাহাটীলৈ যাওঁতে এনে এখন গাড়ীৰে খৰচ পৰিব মাত্ৰ ৪৫০ৰ পৰা ৬০০ টকা। আনহাতে, এই গাড়ীসমূহৰ পৰা নহয় কোনো বায়ু প্ৰদূষণ। নহয় কোনো শব্দ প্ৰদূষণো। এনে গাড়ী ক্ৰয় কৰিলে পৰিবহন বিভাগত দিব নালাগে পঞ্জীয়ন মাচুল। তদুপৰি এনে ইলেক্ট্ৰিক বাহন ক্ৰয় কৰিবলৈ গ্ৰাহকসকলক উৎসাহ যোগাবলৈ চৰকাৰৰ লগতে কোম্পানীসমূহেও আগবঢ়াইছে বিভিন্ন আকৰ্ষণীয় অফাৰ।

Post a Comment

0 Comments