দ্বিতীয়বাৰলৈ বিজেপিত যোগদান কৰিব মণিপুৰৰ একমাত্ৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক টংব্ৰাম ৰবীন্দ্ৰই!


 ২০২০ চনৰ ১৮ জুনত মণিপুৰৰ স্পিকাৰ্ছ ট্ৰিবিউনেলে বিজেপি বিধায়ক সত্যব্ৰতৰ দ্বাৰা দাখিল কৰা আবেদনৰ প্ৰতিক্ৰিয়াস্বৰূপে দলবিৰোধী আইনৰ 

মণিপুৰৰ (Manipur) একমাত্ৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক টংব্ৰাম ৰবীন্দ্ৰই (Tongbram Robindro) আজি বিজেপিত (BJP) যোগদান কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। সূত্ৰ অনুসৰি, মণিপুৰৰ একমাত্ৰ তৃণমূল বিধায়ক টংব্ৰাম ৰবীন্দ্ৰই ইম্ফলত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত নিজকে গেৰুৱা দলত অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰায় স্পষ্ট হৈ পৰিছে।অধীনত বিধায়ক টংব্ৰাম ৰবীন্দ্ৰক অযোগ্য ঘোষণা কৰিছিল।

মণিপুৰৰ বিজেপি নেতৃত্বই যদিও কোনো মন্তব্যৰ পৰা বিৰত আছে, কিন্তু ধাৰণা কৰা হৈছে দলে তেওঁক আদৰিব বিচাৰে। টংব্ৰাম ৰবীন্দ্ৰই ২০১৭ চনত বিষ্ণুপুৰ জিলাৰ থাংগা সমষ্টিৰ পৰা তেওঁৰ নিকট প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক টি মাংগিবাবুক পৰাস্ত কৰি নিৰ্বাচনত জয়ী হৈছিল। এন বীৰেন সিং চৰকাৰৰ অধীনত কৰা বিভিন্ন উন্নয়নমূলক কামৰ বাবে AITC বিধায়কজনে তেওঁৰ সমষ্টিত লাভ কৰিছিল জনসমৰ্থন। ২০১৭ চনত বিজেপি শাসনলৈ অহাৰ পিছত তেওঁ বিজেপি চৰকাৰক সমৰ্থন কৰি আহিছে।

২০২০ চনৰ ১৮ জুনত মণিপুৰৰ স্পিকাৰ্ছ ট্ৰিবিউনেলে বিজেপি বিধায়ক সত্যব্ৰতৰ দ্বাৰা দাখিল কৰা আবেদনৰ প্ৰতিক্ৰিয়াস্বৰূপে দলবিৰোধী আইনৰ অধীনত বিধায়ক টংব্ৰাম ৰবীন্দ্ৰক অযোগ্য ঘোষণা কৰিছিল।

যোৱা বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ টিকটত ৰবীন্দ্ৰই থাংগা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। পিছত, তেওঁ দলৰ ৰাজ্যিক গোট ভংগ কৰাৰ পিছত বিজেপিত যোগদান কৰে। অৱশ্যে পিছত তেওঁ বিজেপি ত্যাগ কৰে আৰু একমাত্ৰ ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনৰ দুদিন আগতে কংগ্ৰেছ দলক সমৰ্থন ঘোষণা কৰে।

Post a Comment

0 Comments