পাঞ্জাৱ ভ্ৰমণ কালত প্ৰায় ২০ মিনিট প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ কনভয় অৱৰোধ কৰাৰ পিছত এতিয়া সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দিশটো । ৰাজনৈতিক মহলত ঘটনাটোক লৈ অভিযোগ আৰু প্ৰতি-অভিযোগৰ ধাৰাবাহিকতা বাহাল থকাৰ সময়তে চৰ্চাৰ তুংগত উঠিছে কোনে কেনেকৈ প্ৰধানমন্ত্ৰীক সুৰক্ষা প্ৰদান কৰে ।
১৯৮৪ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দিল্লী আৰক্ষীৰ পৰা
নিয়োজিত দেহৰক্ষীয়ে গুলিয়াই হত্যা কৰাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰীক নিৰাপত্তা
প্রদানৰ কাৰণে এক স্বতন্ত্ৰ গোট গঠন কৰাৰ চিন্তা চৰ্চা চলিল । ১৯৮৫ চনত
গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া বিৰবল নাথ কমিটীয়ে অনুৰূপ পৰামৰ্শ আগবঢ়ালে ।
পৰামৰ্শ
মৰ্মে দেশৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশত ১৯৮৫ চনৰ ৩০ মাৰ্চত গঠন হয় Special
Protection Group (SPG) । তিনি বছৰ পিছত ১৯৮৮ ৰাজীৱ গান্ধী চৰকাৰে সংসদত
SPG Act গৃহীত কৰি প্ৰক্ৰিয়াটোক আইনী মৰ্যাদা প্ৰদান কৰে ।
নতুনকৈ প্ৰণয়ন হোৱা আইনখনত কেৱল প্ৰধানমন্ত্ৰী, তেওঁৰ পত্নী/স্বামী আৰু সন্তানক SPGয়ে নিৰাপত্তা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় ।
সেয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল শেষ কৰাৰ পিছত ৰাজীৱ গান্ধীক SPG সুৰক্ষা
দিয়া নাছিল । কিন্তু ১৯৯১ চনত গান্ধীৰ হত্যাৰ পিছত আইন সংশোধন কৰি প্রাক্তন
প্ৰধানমন্ত্ৰীক পদ এৰাৰ ১০ বছৰলৈকে SPG সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ল ।
১০ বছৰৰ অন্তত পৰ্যালোচনা কৰি সুৰক্ষা বৰ্জন নতুবা পুনৰ প্রদান কৰাৰ নিয়ম
ৰখা হ’ল । সেই মৰ্মে পৰ্যায়ক্ৰমে পৰ্যালোচনা কৰি ৰাজীৱ গান্ধীৰ পত্নী
ছোনিয়া গান্ধী, সন্তান ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীয়ে ২০১৯লৈকে ২৮
বছৰৰ SPGৰ সুৰক্ষা লাভ কৰে ।
0 Comments