কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কোৰোণাত আক্ৰান্ত, ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি

 


কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কোৰোণাত আক্ৰান্ত। মঙলবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয় গায়িকাগৰাকীক। বৰ্তমান লতা মংগেশকাৰৰ দেহত কোৰোণাৰ সামান্য লক্ষণ দেখা গৈছে। পৰিয়ালৰ লোকে জনাইছে যে বৰ্তমান গায়িকাগৰাকীৰ স্বাস্থ্য ঠিকেই আছে যদিও বয়সৰ বাবে আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, সমগ্ৰ দেশতে কোৰোনাৰ তৃতীয় ঢৌ অব্যাহত আছে। কোৰোনাৰ এই তৃতীয় ঢৌত দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বলিউডৰ বহু অভিনেতা, সংগীত শিল্পী কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ মাজতে বয়োবৃদ্ধ গায়িকাগৰাকী কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া অনুৰাগীৰ মাজত বেদনাৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে লতা মংগেশকাৰৰ দেহত কোৰোনাৰ মৃদু লক্ষণ দেখা পোৱা গৈছে। এই বিষয়ে সংগীত শিল্পীগৰাকীৰ ভতিজীয়ে ৰাজহুৱা কৰিছে। কোভিডৰ উপৰিও তেওঁ নিউমোনিয়াত আক্ৰান্ত হৈছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ সন্তুোষজনক নহয়।

 

Post a Comment

0 Comments