প্ৰশাসনত অসুবিধা হ'লেও ল'ৰা-ছোৱালী মাক দেউতাকৰ লগত থাকক, কৰ্মচাৰীৰ বিশেষ ছুটীক লৈ মন্তব্য মুখ্যমন্ত্রীৰ

 


৬ আৰু ৭ জানুৱাৰীত সকলো ৰাজ্যিক কৰ্মচাৰী (State Govt Employee) আৰু মন্ত্ৰী বিধায়ক (Minister-MLA)ৰ বাবে বিশেষ নৈমিত্তিক ছুটী (Special Casual Vacation)ৰ দিন ঘোষণা কৰি পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব পালনৰ সুযোগ (responsibility towards parents) প্ৰদানৰে ৰাজ্য চৰকাৰে প্ৰথম বাৰৰ বাবে ৰাজ্যত প্ৰযোজিত কৰিছে মাতৃ-পিতৃ বন্দনা । এই উপলক্ষত ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা চলাই নিয়াত সমস্যা আৰু অসুবিধা সৃষ্টি নহ'বনে বুলি আজি সোণাৰিত বিশেষ ভ্ৰমণসূচীলৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr Himanta Biswa Sharma)ক সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ল'ৰা-ছোৱালী পিতৃ-মাতৃৰ লগত থকাৰ কাৰণে প্ৰশাসন চলোৱাত চাৰিদিন অসুবিধা হ'লেও হওক এই ক্ষেত্ৰত চৰকাৰে সহ্য কৰিব। আনহাতে স্বাস্থ্য বিভাগ, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক এই ক্ষেত্রত চাৰিমাহত চুটি ভগাই ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

Post a Comment

0 Comments