বিশ্বৰ এখন আজৱ সমাজ য’ত মহিলাৰ ৰূপ ধাৰণ কৰি থাকে পুৰুষে! আচৰিত এই প্ৰথাৰ কাৰণ


 বিশ্বত এনে বহু সম্প্ৰদায় আৰু জাতি আছে যাৰ বিশষে জানিলে আপুনিও আচৰিত হৈ পৰিব। এই সম্প্ৰদায়সমূহৰ নিজৰ এক ব্যতিক্ৰম জীৱন প্ৰণালী আছে, যিটো বাকী সম্প্ৰদায়তকৈ একেবাৰে পৃথক। আজি আমি আপোনাক এনে এক সম্প্ৰদায়ৰ বিষয়ে ক’বলৈ লৈছো যিটো ইণ্ডোনেছিয়াত আছে(Waira Muslim Community Indonesia)। এই মুছলমান সম্প্ৰদায় আন মুছলমান সমাজতকৈ পৃথক।

বিশ্বৰ আটাইতকৈ বৃহৎ মুছলমান আবাদীৰ দেশ ইণ্ডোনেছিয়াত ৱাৰিয়া সম্প্ৰদায়ৰ (Waria Community Facts) লোকসকলে বাস কৰে। এই সম্প্ৰদায়ে নিজৰ ধৰ্ম আৰু আদৰ্শ সেইধৰেই পালন কৰে যিদৰে আন মুছলমান সম্প্ৰদায়ৰ লোকে কৰে। কিন্তু এই সম্প্ৰদায়ৰ বিশেষত্ব এয়াই যে ইয়াৰ বাসিন্দাসকল ট্ৰেন্সজেণ্ডাৰ (Transgender muslim community of Indonesia)। এই সম্প্ৰদায়ত যি লোক পুৰুষ হৈ জন্মগ্ৰহণ কৰে তেওঁলোকে মহিলা হৈ জীৱন কটায় আৰু ৱাৰিয়া বুলি কয়। ৰিপ’ৰ্ট অনুসৰি ২০০৮ চনত এই সম্প্ৰদায়ে নিজৰ পৃথক মাদ্ৰাছাও নিৰ্মাণ কৰিছিল।

Post a Comment

0 Comments