ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীৰ বিজেপিত যোগদান, প্ৰথমটো জয় বিনাপ্ৰতিদ্বন্দ্বিতাৰে আৰম্ভ বিজেপিৰ


সন্মুখত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন৷ ২২টা পৰিষদীয় সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৩১ ডিচেম্বৰ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছিল ৩ জানুৱাৰীৰ দিনটো৷ ২০ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ২২টা সমষ্টিৰ ১৭টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা শাসকীয় দল বিজেপিয়ে জয়ৰ মুখ দেখিলে ধেমাজি জিলাৰ অন্তৰ্গত ৰূপহী গড়পাৰা সমষ্টিত৷ সমষ্টিটোৰ কংগ্ৰেছী প্ৰাৰ্থী মৃদুপৱন বৰাই মনোনয়ন প্ৰত্যাহাৰ কৰি উজনি অসম ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগ দিয়াৰ লগে লগে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল সমষ্টিটোত প্ৰক্ষেপিত বিজেপি প্ৰাৰ্থী ৰাজু শইকীয়া৷

বিজেপিয়ে ২২খন আসনৰ ১৭খনত নিজে প্ৰতিদ্বন্দ্বিতা কৰি ৫খন আসন এৰি দিছে মিত্ৰদল অসম গণ পৰিষদক৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে ২২খন আসনৰ ২১খনত নিজে প্ৰতিদ্বন্দ্বিতা কৰি এখন আসন এৰি দিছে অসম জাতীয় পৰিষদক৷  ২০ জানুৱাৰীত ভোটদান হ'ব লগীয়া ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা হ'ব ২২ জানুৱাৰীত৷ কিন্তু ইয়াৰ পূৰ্বেই কংগ্ৰেছৰ বাবে আহিল এই বেয়া খবৰটো৷ বিজেপি মিত্ৰজোঁটক প্ৰথমখন আসন উপহাৰ দি কংগ্ৰেছৰ মৃদুপৱন বৰা এতিয়া হৈ পৰিল বিজেপিৰ কাৰ্যকৰ্তা৷

Post a Comment

0 Comments