''বালিমাহীৰ কবি'' ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী বঁটা, কাৰ্বি আংলঙত আনন্দৰ লহৰ

 


ৰাজ্যৰ অন্যতম পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিশিষ্ট কবি, সুলেখক ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী সন্মান । সুদীৰ্ঘ দিন ধৰি নিৰলস সাহিত্য সাধনাৰে ৰাজ্যৰ সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা কবিগৰাকীলৈ ভাৰত চৰকাৰে এইবেলি আগবঢ়াইছে সন্মানজনক পদ্মশ্ৰী বঁটা (Padma Shri award to Dhaneswar Ingti) ।

পাহাৰীয়া জিলাৰ কবি-সুলেখক ধনেশ্বৰ ইংতিলৈ এই বিশেষ সন্মান আগবঢ়োৱাৰ বাতৰিয়ে এতিয়া সমগ্র পাহাৰীয়া জিলাখনতে আনন্দৰ লহৰ তুলিছে ।

উল্লেখযোগ্য যে অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যুটীয়া সচিব (joint secretary of the Karbi Anglong Autonomous Council) হিচাপে চাকৰিৰ পৰা ইতিমধ্যে অৱসৰ লোৱা ইংতি আছিল এগৰাকী দক্ষ চৰকাৰী বিষয়া । চৰকাৰী দায়িত্বৰ সমান্তৰালকৈ কাব্য-সাধনাৰ জৰিয়তেও অগণন কাব্যপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা কবি-সুলেখক ধনেশ্বৰ ইংতিৰ সাহিত্য চৰ্চা সদায় লক্ষণীয় ।

অসমীয়া, কাৰ্বি আৰু ইংৰাজী ভাষাত সমানে কবিতাৰ চৰ্চা কৰি অহা বিশিষ্ট কবিগৰাকীৰ কেইবাখনো কবিতা পুথিয়ে ইতিমধ্যে পাঠকৰ সমাদৰ লাভ কৰিছে । ʼবালীমাহীʼ শীৰ্ষক কাব্য সংকলেনেৰে কাব্যপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ ইংতি সকলোৰে মাজত ʼবালিমাহীৰ কবিʼ কবি হিচাপেও পৰিচিত ।

ৰাজ্যৰ সাহিত্য জগতৰ সৈতে ওতপ্ৰোতভাৱে জড়িত কবিগৰাকীয়ে অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰিছিল।

Post a Comment

0 Comments