জালুকবাৰীত ড্ৰাগছবিৰোধী অভিযান, ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আৰক্ষীৰ জালত জামিনুৰ আলী

 


মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ ৰণচালি। এইবাৰ গুৱাহাটী মহানগৰীৰ জালুকবাৰীত চলিল পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ চমুকৈ SOGৰ ড্ৰাগছবিৰোধী অভিযান। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জালুকবাৰীৰ লাচিত চ'কত চলোৱা অভিযানটোত SOGয়ে ড্ৰাগছসহ আটক কৰে এজন সৰবৰাহকাৰীক। আটকাধীন সৰবৰাহকাৰীটো হৈছে মুকালমুৱা ৰামপুৰৰ জামিনুৰ আলী।

উল্লেখ্য যে, অভিযানকালত আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা ১২টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে। লগতে জব্দ কৰে ১৩টা খালী কণ্টেইনাৰসহ দুটা মোবাইল ফোন। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ৫০ হাজাৰতকৈও অধিক হ'ব বুলি ধাৰণা কৰা হৈছে।

জানিব পৰা মতে, ধৃত জামিনুৰে দীৰ্ঘদিন ধৰি জালুকবাৰী অঞ্চলত চলাই আহিছিল মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা। ইফালে সৰবৰাহকাৰীটোৰ বিৰুদ্ধে NDPS আইনৰ অধীনত জালুকবাৰী আৰক্ষী থানাত এক গোচৰ ৰুজো কৰি এই সন্দৰ্ভত অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ সঠিক তদন্ততহে ড্ৰাগছ সৰবৰাহ সংক্ৰান্তীয় বিভিন্ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।


Post a Comment

0 Comments