মৰমৰ পত্নীয়ে টোপনিতে বিৰবিৰাই ক'লে এনে সাংঘাতিক কথা, যি শুনি পতিয়ে এজাহাৰ দিলে আৰক্ষীক

 


তেওঁলোকৰ মাজত কোনো কাজিয়া নাছিল, নাছিল কোনো খং বা অভিযোগ। দুয়োজনে দীৰ্ঘদিন ধৰি বৈবাহিক সম্পৰ্কটো কুশলে ৰাখিছিল। তেওঁলোকৰ মাজত আছিল প্ৰেম আছিল সন্মান। সামগ্ৰিকভাৱে দুয়োজনেই এটা উন্নত সম্পৰ্ক জীয়াই ৰাখিছিল।

কিন্তু হঠাতে এদিন ৰাতি পত্নীয়ে বিৰবিৰাবলৈ আৰম্ভ কৰে টোপনিতে (Mumbling in sleep)। আৰু ইয়াকে লৈ চকিত ৬১ বছৰীয়া স্বামী এণ্টনি (Antony)য়ে তেওঁৰ ৪৭ বছৰীয়া পত্নী ৰুথ ফৰ্টক (Ruth Fort) লৈ আৰক্ষীৰ ওচৰত অভিযোগ দিয়ে। পত্নীৰ বিৰুদ্ধে স্বামীৰ পদক্ষেপত আৰক্ষীও স্তম্ভিত হৈ পৰিছিল। কিন্তু যেতিয়া সত্যটো ওলাই আহিছিল, আৰক্ষীয়ে তেওঁক প্ৰশংসা কৰে।

২০১০ চনত বিবাহপাশত আৱদ্ধ হোৱা ৰুথ আৰু এণ্টনিৰ জীৱন ভালকৈ চলি আছিল। পৰিয়ালটোৱে কিছু অসুবিধাৰ সন্মুখীন হোৱাত ৰুথে এটা কেয়াৰ হোমত (Crystal Hall Care Home) চাকৰি কৰে। ইয়াৰ পিছত হঠাতে পত্নীয়ে ধনী মানুহৰ দৰে টকা খৰচ কৰে। অলপতে কৰা মেক্সিকো ভ্ৰমণতো পত্নীয়ে বহু টকা খৰচ কৰে। এই কথাত এণ্টনি আচৰিত হয় যদিও এয়া পত্নীৰ চাকৰিৰ দৰমহা বুলি ভাবে।

কিন্তু এদিনাখন নিশা পত্নী ৰুথে টোপনিতে যি কথা বিৰবিৰাই, তেতিয়া এণ্টনিৰ বুজিবলৈ বাকী নাছিল যে পত্নীয়ে ক'ৰ পৰা টকা পাইছিল। আচলতে ৰুথে চাকৰি কৰা কেয়াৰ হোমত এগৰাকী দিব্যাংগ মহিলাৰ এটিএম চুৰি কৰিছিল। এটিএমৰ পৰা উলিয়াইছিল অজস্ৰ টকা। সেই কথা তেওঁ স্বীকাৰ কৰে টোপনিত। পতি এণ্টনীয়ে এই কথা শুনি অতি দুখ অনুভৱ কৰে। তেওঁৰ বাবে এই স্বীকোৰোক্তি আছিল হৃদয় মুচৰি যোৱাৰ দৰে ঘটনা। তেওঁ ভবা নাছিল তেওঁৰ মৰমৰ পত্নী এগৰাকী চোৰ ৰূপে তেওঁৰ সন্মুখত ওলাব। তেওঁ পিছদিনা আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে জেৰা কৰাত ৰুথে সকলো দোষ স্বীকাৰ কৰে।


হুইলচেয়াৰত থকা এগৰাকী অসহায় মহিলাৰ ধনৰ ওপৰত বেয়া দৃষ্টি দিয়া কথাটো এণ্টনীৰ বাবে হজম কৰাটো টান আছিল। আদালতৰ ন্যায়াধীশে এণ্টনীৰ সাহস আৰু শক্তিশালী কাৰ্যকলাপৰ বাবে প্ৰশংসা কৰিছিল (The judge praised Antony for reporting Ruth)। আদালতে ৰুথক ১৬ মাহৰ কাৰাদণ্ড বিহে।

 

Post a Comment

0 Comments