ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যই নিঃশেষ কৰি পেলাইছে নতুন প্ৰজন্মৰ একাংশক৷ সংগ দোষত পৰি নিচা কৰাৰ বাবেই বহু প্ৰতিভাৱান যুৱক অকালতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে ৷ যাৰ বেদনা এতিয়াও বুকুত লৈ বহু পিতৃ-মাতৃয়ে জীৱন পাৰ কৰি আছে। ড্ৰাগছ আসক্ত যুৱক সমাজৰ বাবে ব্যাধি হোৱাৰ লগতে এনে যুৱক থকা প্ৰতিখন ঘৰ পৰিণত হয় নৰকলৈ৷ এনে ধৰণৰ ড্ৰাগছ আসক্ত যুৱকক নিৰোগী কৰি সৎপথলৈ অনাৰ বাবে বিশ্বনাথ চাৰিআলিত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছে নিচা মুক্তি কেন্দ্ৰ
বিশ্বনাথ চাৰিআলিৰ তিনিগৰাকী নিচা আসক্ত যুৱকে নিচা এৰি এতিয়া ড্ৰাগছ আসক্ত যুৱকক নিচামুক্ত কৰিবলৈ প্ৰয়াস আৰম্ভ কৰিছে। নিচাৰ গ্ৰাসৰ পৰা মুক্ত হৈ বিশ্বনাথ চাৰিআলিৰ উৎপল, জয়ন্ত, মানসহঁতে খুলিছে নিচা মুক্তি কেন্দ্ৰ৷ উৎপল হাজৰিকা নামৰ যুৱকজনে তিনি বছৰমান পূর্বে নিচাজাতীয় সামগ্রী সেৱন কৰি ধ্বংসৰ দিশলৈ গতি কৰিছিল। কিন্তু যুৱকজনৰ অভিভাৱকে নিচা আসক্ত উৎপলক ভর্তি কৰালে গুৱাহাটীৰ এৱেকনিং ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰটোত। প্রায় তিনি বছৰ পিচত উৎপল বিশ্বনাথলৈ উভতি আহিছে নিজৰ গৃহ চহৰৰ নিচা আসক্ত যুৱকসকলক নিচামুক্ত কৰিবলৈ
উৎপলে গুৱাহাটীৰ এৱেকনিং ফাউণ্ডেচনৰ সহায়ত বিশ্বনাথ চাৰিআলিৰ কোচগাঁৱত
শুভাৰম্ভ কৰিছে এটি নিচামুক্তি কেন্দ্ৰ। আনহাতে বিশ্বনাথ চাৰিআলিৰ পানীভৰাল
গাঁৱৰ জয়ন্ত বৰুৱা আৰু লেহুগাঁৱৰ মানস শইকীয়াৰ প্ৰচেষ্টাত বিশ্বনাথ
চাৰিআলিৰ কল্যাণপুৰতো আন এটি নিচামুক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে।
প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেচনৰ উদ্যোগত এই প্রচেষ্টা চলোৱা হৈছে। এই
প্রতিষ্ঠানত মনোৰোগ বিশেষজ্ঞই নিচাসক্তসকলক চিকিৎসাৰ ব্যৱস্থা কৰিছে।
0 Comments