ইণ্ডিয়ান অইলে জাৰি কৰিলে পেট্ৰ’ল–ডিজেলৰ নতুন দাম, জানক আজি কিমান হ’ল দৰ

 


ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডে বুধবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম জাৰি কৰিছে। আজিৰ দামত কোনো সালসলনি ঘটোৱা হোৱা নাই। বিগত ৭৫ দিন ধৰি পেট্ৰ’ল–ডিজেলৰ দাম স্থিৰ হৈ আছে। উল্লেখযোগ্য যে ৪ নৱেম্বৰ ২০২১ৰ পৰা পেট্ৰ’ল–ডিজেলৰ দামৰ সালসলনি হোৱা নাই। সেই সময়ত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ১০ টকা শুল্ক হ্ৰাস কৰিছিল।

দিল্লীত আজি পেট্ৰ’ল ৯৫.৪১ টকা প্ৰতিলিটাৰ আৰু ডিজেল ৮৬.৬৭ টকা। আবকাৰী শুল্ক হ্ৰাসৰ পূৰ্বে দেশত ইন্ধনৰ দাম সৰ্বোচ্চ স্তৰত উপনীত হৈছিল। অধিক সংখ্যক চহৰতে পেট্ৰ’লৰ দামে ১০০ৰ ঘৰ অতিক্ৰম কৰিছিল।

মুম্বাইত পেট্ৰ’ল ১০৯.৯৮ টকা আৰু ডিজেল ৯৪.১৪ টকা প্ৰতিলিটাৰত

– চেন্নাইত পেট্ৰ’ল ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা প্ৰতিলিটাৰত

– কলকাতাত পেট্ৰ’ল ১০৪.৬৭ টকা আৰু ডিজেল ৮৯.৭৯ টকা প্ৰতিলিটাৰত

– গুৱাহাটীত পেট্ৰ’ল ৯৪.৫৮ টকা আৰু ডিজেল ৮১.২৯ টকা প্ৰতিলিটাৰত।

Post a Comment

0 Comments