অসমীয়া জাতীয় উৎসৱ তথা বাপতি সাহোন ভোগালী বিহুটি গুৰুজনাৰ জন্মস্থান বটদ্রৱাত সম্পূৰ্ণ স্বকীয় শৈলী তথা সত্রীয়া শৈলীৰ পৰম্পৰাগত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিহুৰ চাৰিদিন পূৰ্বৰ পৰা বটদ্রৱাৰ প্রতিঘৰ গৃহষ্ঠৰ চোতেলে চোতালে ৰাইজ সমবেত হৈ সমস্বৰে ‘গৃহষ্ঠ সমন্ধে কুশলে উচ্চ বাকে বোলা হৰি..’ বুলি হৰিধ্বনি দিয়া অনুপম পৰম্পৰাৰে প্রতিঘৰ গৃহস্থৰ পৰা দান বৰঙণি সংগ্রহ কৰে।
এই দান-বৰঙণিৰে এইবেলি শলগুৰি সত্রৰ ৰাইজে দৌল মন্দিৰৰ বাকৰিত আৰু নৰোৱা সত্রৰ ৰাইজে আকাশী গংগাৰ তীৰত ৰাজহুৱা ভেলাঘৰ সাজি সেই ভেলাঘৰতে উৰুকাৰ নিশা সমবেত হৈ মুচুকুণ্ড স্তুতিৰ ‘মন ৰাম বোলা’ শীৰ্ষক কীৰ্তন পৰিবেশন কৰে। শুক্ৰবাৰে বিহুৰ দিনা পুৱাই বটদ্রৱাবাসী ৰাইজে উক্ত ভেলাঘৰত সমবেত হৈ ‘গ’ল কুঁজি গ’ল চন্দন পিন্ধাৱলৈ গ’ল…’ শীৰ্ষক দিহা পৰিবেশন কৰাৰ অন্তত ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্রাৰ্থনা জনোৱা ঐতিহ্যময় কৃষ্টিৰে বৰদোৱাৰ ৰাইজে ভোগালী বিহুটি উদযাপন কৰে।
0 Comments