বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত আজিৰ পৰা অনুষ্ঠিত হৈছে বিৰল প্ৰজাতি দল হৰিণ (Swamp Deer Census)ৰ গণনা ৷ দল হৰিণ ভাৰতত পোৱা বাৰাশিঙা নামৰ হৰিণৰ উপ প্ৰজাতি৷ ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা বাৰাশিঙা হৰিণৰ উপ প্ৰজাতিক পুৰ্বাঞ্চলীয় দল হৰিণ বা ইংৰাজীত Eastern Swamp Deer বুলি কোৱা হয় ৷ পৃথিৱীৰ ভিতৰত অকল ব্ৰহ্মপুত্ৰ উপত্যকাতহে পুৰ্বাঞ্চলীয় দল হৰিণ দেখিবলৈ পোৱা যায় ৷
বিলুপ্ত প্ৰায় এই দল হৰিণ এটা সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিল যদিও সম্প্ৰতি কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানতহে এই হৰিণৰ অৱশিষ্ট বাছি আছেগৈ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দল হৰিণ বসতিৰ দুটা বন সংমণ্ডল ক্ৰমে পূব অসম বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলত পূৰ্বাঞ্চলীয় দল হৰিণৰ গণনা কৰা হ’ব ৷
বিশ্বনাথ বন সংমণ্ডলত দল হৰিণৰ গণনা কৰিছে ৷ গণনাকাৰীৰ ভিতৰত বন্যপ্ৰাণী
বিশেষজ্ঞ, বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি আৰু বন বিষয়া থাকিব ৷ পূৱ অসম
বন্যপ্ৰাণী সংমণ্ডলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫টা বনাঞ্চলৰ ৪টা
বনাঞ্চলত ২৪ গণনাকাৰীয়ে বিভাগীয় হাতীত উঠি গণনাকাৰীয়ে দল হৰিণৰ গণনা কৰিছে ৷
ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনত আজি পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ আছে ৷
পুৱা
৮ বজাৰ পৰা বনাঞ্চলত হাতীত উঠি দল হৰিণৰ গণনা আৰম্ভ হৈছে ৷ কাজিৰঙাৰ
সঞ্চালক পি শিৱকুমাৰৰ নেতৃত্বত এটা উচ্চস্তৰীয় দলে এই গণনা কাৰ্য
পৰ্যবেক্ষণ কৰিব ৷
উল্লেখ্য যে ২০০৭ চনৰ পৰা কাজিৰঙাত আৰম্ভ কৰা দল
হৰিণ গণনাত ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪৮টা আৰু ২০১৮ চনত ৮৫১টা
দল হৰিণ পোৱা গৈছিল ৷ একেদৰে বিশ্বনাথ বনসংমণ্ডলত প্ৰথম বাৰৰ বাবে কৰা
গণনাত ২০১৮ চনত ৫৬টা দল হৰিণ পোৱা গৈছিল ৷ প্ৰতি দুবছৰৰ মূৰে মূৰে দল হৰিণৰ
গণনা হয় যদিও ২০২০ চনত ক'ভিডৰ বাবে গণনা অনুস্থিত নহ'ল ৷
0 Comments