কোনে ছলমান খানক দিলে ১২-১৩ কোটি টকাৰ উপহাৰ? কেটৰীণা কেঈফেও দিলে আকৰ্ষণীয় উপহাৰ!


 বলীউদৰ চুপাৰষ্টাৰ ছলমান খানে ২৭ ডিচেম্বৰত তেওঁৰ পানভেল ফাৰ্মহাউচত তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে নিজৰ ৫৬তম জন্মদিন উদযাপন কৰিছিল। তেওঁৰ পৰিয়াল , বন্ধুবৰ্গ, সহ-তাৰকা আৰু সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ছলমানলৈ শুভেচ্ছা জ্ঞাপন কৰিছিল। ছলমান খানে জন্মদিনত লাভ কৰা উপহাৰসমূহৰ বিষয়ে জানিলে আপোনাৰ চকু কঁপালত উঠিব ।

ছলমান খানে তেওঁৰ জন্মদিনত বহুতো ব্যয়বহুল উপহাৰ লাভ কৰিছিল। জন্মদিনত ছলমানে তেওঁৰ সহ-অভিনেতা কেটৰিনা কাঈফ, শিল্পা চেট্টী, সঞ্জয় দত্ত আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ পৰা ব্যয়বহুল উপহাৰ লাভ কৰিছিল। ছলমানে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ পৰাও বহু মূল্যবান উপহাৰ লাভ কৰিছিল। "স্পটবয়"ৰ তথ্য অনুসৰি কেটৰিণা কাঈফে ছলমানক প্ৰায় ২-৩ লাখ টকাৰ এডাল সোণৰ ব্ৰেচলেট উপহাৰ দিছিল। জেকলিনে তেওঁক ১০-১২ লাখ টকাৰ চোপাৰ্ড ব্ৰেণ্ডৰ এটা ঘড়ী উপহাৰ দিছিল।

অভিনেতা সঞ্জয় দত্তই ছলমানক ৭-৮ লাখ টকাৰ হীৰাৰ ব্ৰেচলেট উপহাৰ দিছিল। অনিল কাপুৰে ছলমানক ২৭-২৯ লাখ টকা মূল্যৰ এটা চামৰাৰ জেকেট উপহাৰ দিছিল আৰু অভিনেত্ৰী শিল্পা চেট্টীয়ে চলমানক ১৬-১৭ লাখ টকাৰ এডাল সোণ আৰু হীৰাৰ ব্ৰেচলেট উপহাৰ দিছিল।

ছলমানক তেওঁৰ পৰিয়ালৰ সদস্যসকলেও অতি দামী উপহাৰ দিছিল। খবৰ অনুসৰি ভগ্নী অৰ্পিতাই ১৫-১৭ লাখ টকাৰ এটা ৰোলেক্স ঘড়ী উপহাৰ দিছিল বলীউদৰ ভাইজানক। ভাতৃ ছোহেইল খান আৰু আৰবাজ খানে তেওঁক ক্ৰমান্বৰে ২৩-২৫ লাখ টকাৰ বিএমডব্লিউ এছ 1000 আৰআৰ আৰু 2-3 কোটি টকাৰ অডি আৰএছ কিউ 8 উপহাৰ দিছিল। অৰ্পিতা খানৰ স্বামী তথা ছলমানৰ ভনী জোৱায়েক  আয়ুষে তেওঁক ৭৫,০০০ টকাৰ সোণৰ চেইন উপহাৰ দিছিল। বাতৰি অনুসৰি ছলমানে আটাইতকৈ দামী উপহাৰটো পাইছিল তেওঁৰ পিতৃৰ পৰা। দেউতাক ছেলিম খানে ১২-১৩ কোটি টকাৰ জুহুত এটা এপাৰ্টমেণ্ট উপহাৰ দিছে ছলমান খানক।

Post a Comment

0 Comments