জাতিৰ প্ৰমাণ পত্ৰ দিবলৈ চৰকাৰী বিষয়া-কৰ্মচাৰী যাব লাগিব গাঁৱলৈ, চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃক তীৰ্থ ভ্ৰমণ কৰাবলৈ লাভ কৰিব ধন- মুখ্যমন্ত্ৰী

 


পাছ দিনীয়া কাৰ্যসুচীৰে উত্তৰ অসম আৰু উজনি অসমলৈ আহিছে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sharma)  ৷ গুৱাহাটীৰ পৰা আহি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্থিত হয় বিশ্বনাথ (Bishwanath)ত । বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ  চৰকাৰ গঠনৰ পিছতে অসমৰ ভিতৰতে প্ৰথম নতুনকৈ নিৰ্মাণ কৰা মডেল অংগনবাড়ী কেন্দ্ৰটি মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰে বামগাঁৱত ৷ কণ কণ ছাত্ৰ ছাত্ৰীৰ লগত ঢোল বজাই আনন্দ কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী শৰ্মাই মডেল অংগনবাড়ী কেন্দ্ৰ (Model Anganbadi Center)টি উদ্ধোধন কৰি আগন্তুক ৩ বছৰৰ ভিতৰত নতুনকৈ দহ হাজাৰ নতুন অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে ৷‌ লগতে অহা  ১ ফেব্ৰুৱাৰীত মাইক্ৰ'ফাইনেঞ্চৰ ঋণৰ সাহাৰ্য লাভ কৰিবৰ বাবে মহিলা সকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

Post a Comment

0 Comments