অশান্ত শ্বিলং, শ্বিলঙৰ ব্যস্ত পুলিচ বজাৰত বোমা বিস্ফোৰণ


শ্বিলঙত বিস্ফোৰণ। দেওবাৰে সন্ধিয়া শ্বিলঙৰ ব্যস্ত পুলিচ বজাৰত এটা বোমা বিস্ফোৰণে মেঘালয়ৰ ৰাজধানী চহৰত আতংকৰ সৃষ্টি কৰে। সৌভাগ্যবশতঃ এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই (blast rocks Shillong)।

শ্বিলঙৰ ব্যস্ত পুলিচ বজাৰৰ ( busy Police Bazar area) দিল্লী মিস্তান্ন ভাণ্ডাৰৰ ওচৰত সংঘটিত বিস্ফোৰণৰ ফলত দোকানৰ এখন দেৱাল খহি পৰে (hotel Delhi Mistan collapsed) যদিও কোনো লোক হতাহত হোৱা নাই। বিস্ফোৰণৰ পিছত এটা বোমা স্কোয়াড বিস্ফোৰণস্থলীত উপস্থিত হয় আৰু বৰ্তমান অঞ্চলটো তেওঁলোকে পৰিদৰ্শন কৰি আছে।

"কোনো লোক আহত হোৱা নাই। বিষয়টো তদন্তৰ অধীনত আছে। এইটো এক প্ৰকাৰৰ বিস্ফোৰণ আছিল - বোমা স্কোয়াডে এইটো কেনে ধৰণৰ বিস্ফোৰণ আছিল নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰি আছে।" -ইষ্ট খাচী পাহাৰৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে এইদৰে কয়।

উল্লেখ্য, আজি দেওবাৰ আছিল যদিও কোভিডৰ বাবে দেওবাৰে লকডাউনৰ বাবে সকলো দোকান বজাৰ বন্ধ আছিল।

Post a Comment

0 Comments