বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতাকলৈ ৰাজ্যজুৰি চলি আছে চৰ্চা। এতিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে, বিপিএফ আৰু বিজেপিৰ মাজত নাই কোনো ৰাজনৈতিক মিত্ৰতা।
ইফালে বিধানসভাৰ মজিয়াত বিজেপিৰ সৈতে বিপিএফ দলৰ মিত্ৰতা আলোচনাৰ মাধ্যমেৰে হৈছে বুলি মত প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে। সোমবাৰে কোকৰাঝাৰত সাংবাদিকৰ আগত এই কথা সদৰি কৰি বড়োৱে কয় যে, 'ইয়াৰ বাবে দলৰ লগতো আলোচনা কৰা হৈছে।' ৰাইজে কৈ থকা কথাবোৰ ৰাজনৈতিক প্ৰেক্ষাপটত চলি থকা সাধাৰণ কথা বুলি উল্লেখ কৰি ৰাজনীতিত উত্থান পতন এইবোৰ চলি থাকে বুলি মন্তব্য কৰি সময়ত সকলো নিৰ্ণয় হ'ব বুলি মন্তব্য কৰে বিটিআৰৰ মুৰব্বীগৰাকীয়ে।
0 Comments