'BPF সুবিধাবাদীৰ দল, মহাজোঁটত নাথাকিলে হ'লহেতেন শূন্য'- অভিযোগ সাংসদ আব্দুল খালেকৰ

 


হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক কটু ভাষাৰে সমালোচনা কৰিছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে। আব্দুল খালেকৰ মতে বিপিএফ দলৰ কোনো নীতি আদৰ্শ নাই। বিগত ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত বিপিএফ মহাজোঁটত নথকা হেতেন দলটো শূন্য হ'লহেতেন।

কংগ্ৰেছী সাংসদগৰাকীৰ দাবী মহাজোঁটৰ বাবেই গোসাইগাওঁ, কলাইগাওঁ, মাজবাট আৰু পশ্চিম কোকৰাঝাৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়ী হৈছে। ইফালে বিপিএফ বিধায়ক দূৰ্গাদাস বড়োক সমালোচনা কৰি আব্দুল খালেকে কয় যে, মিত্ৰজোঁটত নথকা হ'লে ৩০ বছৰৰ পিছত দূৰ্গাদাস বড়োৱে পুনৰ বিধায়ক হ'ব নোৱাৰিলে হেতেন।"

''বিগত ২০২১ চনৰ নিৰ্বাচনত মই বিপিএফক ১২ খন এৰি আসন দিয়াৰ মুঠেই পক্ষপাতি নাছিলো।" News18ক এনেদৰে কয় বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে। সুবিধাবাদী দল বিপিএফ শাসকীয় মিত্ৰজোঁটতো তৃতীয় শ্ৰেণীৰ দলহে বুলি কয় কংগ্ৰেছৰ কেইবাজনো বিধায়কে।

Post a Comment

0 Comments