২০০ টকাতকৈ কম মূল্যত আহে এই চমৎকাৰ আৰু সস্তা প্লেন! পায় ফ্ৰী কলিঙো


 সকলো টেলিকম কোম্পানীয়ে প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ তেওঁলোকৰ গ্ৰাহকসকলক কেইবাটাও মূল্য পৰিসৰৰ প্ৰিপেইড ৰিচাৰ্জৰ বিকল্প আগবঢ়াই আছে। এই কোম্পানীবোৰে গ্ৰাহকসকলক ২০০ টকাৰ ভিতৰত অতি উপযোগী ৰিচাৰ্জ বিকল্পও আগবঢ়াইছে। ২০০ টকাৰ ৰিচাৰ্জৰ প্লেনৰ অধীনত এয়াৰটেল, (Airtel) জিঅ' (Jio') আৰু ভোডাফোন আইডিয়া (Vodafone Idea)ৰ বেছিভাগ প্ৰিপেইড ৰিচাৰ্জ (Prepaid recharge)ত দৈনিক 1 GBৰ পৰা 2 GB ডাটা (Mobile Data) প্ৰদান কৰে। আনহাতে জিঅ' আৰু ভিআই গ্ৰাহকৰ হাতত বাছনি কৰিবলৈ ৪-৫টা আনলিমিটেড পেক আছে। আনহাতে এয়াৰটেলৰ মাত্ৰ দুটা পেক আছে। গতিকে ৰিচাৰ্জ কৰাৰ আগতে এই ৰিচাৰ্জ প্লেনবোৰৰ বিষয়ে বিতংকৈ লওক।

এই শাখাত জিঅ'ৰ সৰ্বনিম্ন মূল্যৰ আঁচনি মাত্ৰ ১১৯ টকা। ই আপোনাক দৈনিক 1.5 GB ডাটা প্ৰদান কৰে যাৰ বৈধতা 14 দিন আৰু লগতে আনলিমিটেড ভইচ কল আৰু 300 SMS। এই ক্ষেত্ৰত, আপুনি এই প্লেনত মুঠ 21 GB ডাটা প্ৰাপ্ত কৰে আৰু ডাটা সমাপ্ত হোৱাৰ পিছত, আপোনাৰ নেটৱৰ্কৰ গতি 64KBPS হ'ব। এই আঁচনিয়ে আপোনাক JioTV, JioCinema, JioSecurity আৰু JioCloudৰ দৰে উপযোগী জিঅ' সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ পাব।

জিঅ'ৰ ১৯৯ টকাৰ প্লেনত আপুনি 23 দিনৰ বৈধতাৰ সৈতে প্ৰতিদিনে 1.5 GB ডাটা, সীমাহীন ভইচ কল আৰু 100 এছএমএছ/প্ৰতিদিনে লাভ কৰিব। আপুনি এই পেকেজত মুঠ 34.5 GB লাভ কৰিব।

ডাটা সমাপ্ত হোৱাৰ পিছত, আপোনাৰ ডাটাৰ স্পীড হ'ব 64KBPS । এই প্লেনতো আপুনি জিঅ'টিভি, জিঅ' চিনেমা, জিঅ' চিকিউৰিটি আৰু জিঅ' ক্লাউডৰ সুবিধা লাভ কৰিব।

কম ডাটা বিচৰা গ্ৰাহকসকলে ১৭৯ আৰু ১৪৯ টকাৰ প্ৰিপেইড প্লেন ব্যৱহাৰ কৰিব পাৰে। ইয়াত আপুনি দৈনিক 1 GB ডাটা, 100 এছএমএছ, সীমাহীন ভইচ কল লাভ কৰিব। ১৭৯ টকাৰ প্লেনৰ বৈধতা ২৪ দিন আৰু ১৪৯ টকাৰ প্লেনৰ বৈধতা ২০ দিন।

Post a Comment

0 Comments