বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে বৰপেটাত আৰক্ষীৰ অভিযান, ৫০০ বেগ চুপাৰি জব্দ

 


ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ কিছুদিন পূৰ্বৰে পৰা বৰপেটা আৰক্ষীয়েও অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰিৰ  বিৰুদ্ধে অভিযান ৷ হাউলীৰ গৰৈমাৰী, মৈৰামৰা, হাউলি নগৰ অঞ্চলত আৰক্ষীয়ে চলাই আছে এই অভিযান ৷ গোপন খবৰৰ ভিত্তিত আজি বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰ বৰুৱাৰ নেতৃত্বত হাউলী আৰক্ষীয়ে হাউলী নগৰৰ চোহানা ট্রেডিং নামৰ গোডাউনত  চলায়  অভিযান (Burmese Betel Nut Seized at Barpeta) ৷ 

এই অভিযানত প্ৰায় ৫০০ বেগ সন্দেহযুক্ত বাৰ্মিজ চুপাৰি জব্দ কৰা বুলি উপ আৰক্ষী অধীক্ষক সমীৰ বৰুৱাই জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰি গোডাউনৰ চিচি টিভি আৰু দুটা মোবাইলো জব্দ কৰা বুলি উপ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইয়াৰ আগতেও বৰপেটা আৰক্ষীয়ে জব্দ কৰিছিল প্রায় ১১৫ বেগ সন্দেহযুক্ত বাৰ্মিজ চুপাৰি ৷

উপ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি সন্দেহজনক বাৰ্মিজ চুপাৰিৰ নমুনা ফৰেনছিক লেব, ফুড ছিকিউৰিটি আৰু কৃষি বিভাগলৈ পঠোৱা  হ'ব।

Post a Comment

0 Comments