ATM চোৰক ATMৰ ভিতৰতে এনকাউণ্টাৰ, ডিব্ৰুগড়ৰ চাবুৱাৰ ঘটনাৰ দৃশ্য বন্দী CCTVত


 ডিব্ৰুগড়ৰ চাবুৱাৰ MES তিনিআলিৰ SBI ATMত সংঘটিত হয় এনকাউন্টাৰ । ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত ATM-ৰ ভিতৰত এটা ডকাইত সোমাই থকা অৱস্থাত আৰক্ষীৰ সৈতে মুখামুখি হোৱাত সংঘটিত হয় ঘটনাটো। আৰক্ষীয়ে ATMৰ পৰা ডকাইতটোক ওলাই আহিবলৈ অনুৰোধ কৰিছিল। বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো ওলাই নহাত উলিয়াই আনিবলৈ চেষ্টা কৰোঁতে আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ চেষ্টা কৰে। লগে লগে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় ।

গুলীবিদ্ধ অৱস্থাত ডকাইতটোক   প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত । ডকাইতটো হৈছে চাবুৱা বিশ মাইলৰ বিতু ভূমিজ । ATMৰ ছাটাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতটোৱে। উল্লেখ্য,  সমগ্ৰ দৃশ্য CCTV ত বন্দী হয় । কাপোৰেৰে মেৰিয়াই মুখ ঢকা ডকাইটোৰ হাতত আছিল দা। উল্লেখ্য, সান্ধ্য আইনৰ মাজতো ডকাইতটোৱে ATM ভাঙি থকাৰ দৃশ্য বন্দী হৈছে CCTV ত ।

আজিৰ একাউণ্টাৰটোকে ধৰি ডিব্ৰুগড়ত সংঘটিত হৈছে তৃতীয়টো এনকাউণ্টাৰ ঘটনা । ইয়াৰ পূৰ্বে আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা কৰা কুখ্যাত ড্ৰাগছ মাফিয়া তথা গৰু চোৰ টিকৰু খান আৰু কুখ্যাত গাড়ী চোৰ তথা অপহৰণকাৰী বিমান বৰালৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰক্ষীয়ে । এইবাৰ ATM চোৰ গুলীবিদ্ধ হয় চহৰখনত।

Post a Comment

0 Comments