১ ফেব্ৰুৱাৰীৰ পৰা 'অপাৰেশ্যন ছাৰখাৰ' অভিযান! যান-বাহনৰগৰাকীয়ে এই কামসমূহ নকৰিলে বিপদত পৰাতো খাটাং


 ১ ফেব্ৰুৱাৰীৰ পৰা 'অপাৰেশ্যন ছাৰখাৰ' অভিযান! যান-বাহনৰগৰাকীয়ে এই কামসমূহ নকৰিলে বিপদত পৰাতো খাটাংকৰ সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যৰ সকলো বিভাগক বাকী থকা কৰ সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ বিভাগ।


বিভাগটোৱে এতিয়া ১০০ কোটি টকাৰ কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি অহা ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে বিভগটোৱে চলাব অপাৰেশ্যন ছাৰখাৰ। এই অভিযানৰ জৰিয়তে পাবলগীয়া কৰ সংগ্ৰহ কৰিব পৰিবহণ বিভাগে।

৩১ অক্টোবৰৰ শেষ সময়সীমা উকলি যোৱাৰ পিছতো কৰ নিদিয়াকৈ ৰাজপথত একাংশই চলাই আছে বিলাসী বাহন। আৰু এই বাহনসমূহৰ বিৰুদ্ধে এতিয়া জোৰদাৰ অভিযান চলাব পৰিবহণ বিভাগে। এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে, 'পথ পৰিবহণ মন্ত্ৰণালয়ে যান বাহনৰ গৰাকীসকলক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ সাতবাৰকৈ সময়সীমা দিয়াৰ পিছত যোৱা ৩১ অক্টোবৰতে অন্তিম সময়সীমা উকলি যায়। এতিয়াও বহুতেই কৰ আদায় নিদিয়াকৈ বিনাদ্বিধাই গাড়ী চলাই আছে৷ গুৱাহাটী মহানগৰীত অত্যাধুনিক যানবাহনৰ গৰাকীয়ে ৩০ কোটিতকৈ অধিক বকেয়া কৰ আদায় দিবলৈ বাকী আছে।'

এতিয়া এইসকল বাহনৰগৰাকীয়ে কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল হোৱাৰ লগতে গোচৰ তৰা হ’ব৷ প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া পৰিস্থিতিৰো সন্মুখীন হ’ব পাৰে বাহনৰ স্বত্বাধিকাৰী৷

Post a Comment

0 Comments