শিশু কন্যা নিৰ্যাতন! পদ্মশ্ৰী সন্মানেৰে বিভূষিত অসমীয়া যাব লগীয়া হ'ব পাৰে জে’ললৈ

 


অসম এগৰাকী পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন শোষণৰ গুৰুতৰ অভিযোগ। এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ব্যক্তিগৰাকীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত ১৭ ডিচেম্বৰ ২০১৯ত ৰুজু হৈছিল গোচৰ। ২৮ ডিচেম্বৰত তেওঁ লাভ কৰে অন্তৰ্ৱৰ্তীকালীন জামিন। ৭ জানুৱাৰী ২০২২ত কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে আদালতে। উল্লেখযোগ্য যে এটি শিশুগৃহৰ পৰা কিশোৰীগৰাকীক তুলি লৈছিল ব্যক্তিগৰাকীয়ে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, এগৰাকী মুখ্য ন্যায়িক দণ্ডাধীশৰ অভিযোগৰ ভিত্তিত, যিটো ১৭ ডিচেম্বৰত জিলা আইনী সেৱা প্ৰাধিকৰণ (DLSA)ৰ দ্বাৰা জনোৱা হৈছিল, অসম আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন আৰু POCSO আইনৰ অধীনত এক এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয়, ‘‘আমি এই সন্দৰ্ভত কোনো মন্তব্য কৰিব নোৱাৰে কাৰণ এই গোচৰটো বিচাৰাধীন হৈ আছে, কিন্তু তদন্ত অব্যাহত আছে।’’

এজাহাৰ দাখিলৰ পিছতে ব্যক্তিগৰাকীয়ে গ্ৰেপ্তাৰৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন জনায়। ২৮ ডিচেম্বৰত তেওঁ অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰে, আৰু আদালতে ৭ জানুৱাৰীত কেছ ডায়েৰী বিচাৰিছে। অভিযোগ অনুসৰি, শিশুগৃহত থকা ভুক্তভোগীয়ে লালন–পালন কৰা পিতৃৰ ওপৰত এবছৰ ধৰি যৌন উৎপীড়নৰ অভিযোগ কৰিছিল, যিয়ে তেওঁক তুলি লৈছিল।

Post a Comment

0 Comments