বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে দাখিল কৰা সীমা সমস্যা সমাধানৰ প্ৰতিবেদন পৰ্যালোচনা কৰা আৰম্ভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ ছয় বিবদমান অঞ্চলক লৈ দিয়া প্ৰতিবেদনক লৈ ২৬ জানুৱাৰীৰ পিছত পুনৰ এক বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
অসম-মেঘালয়ৰ মাজত চলি আহিছে পাঁচ দশক ধৰি সীমাক লৈ বিবাদ ৷ এই বিবাদ মীমাংসাৰ দিশত এতিয়া ৷ মুঠ বাৰটাৰ ভিতৰত ছয়টা বিবদমান অঞ্চলক লৈ উভয় ৰাজ্যৰ তিনিখনকৈ আঞ্চলিক কমিটিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হয় এক উমৈহতীয়া চূড়ান্ত প্ৰতিবেদন ৷ এই উমৈহতীয়া প্ৰতিবেদন বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ত সাক্ষাৎ কৰি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (chief minister Himanta Biswa Sarma ) আৰু কনৰাড চাংমাই ৷
উভয় ৰাজ্যৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা পদক্ষেপ
সন্দৰ্ভত বিস্তৃতভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী দুয়োজনৰ পৰা বুজ
লয় ৷ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী দুজনে প্ৰদান কৰা উমৈহতীয়া চূড়ান্ত
প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৰ্যালোচনা কৰা আৰম্ভ কৰিছে ৷
অমিত
শ্বাহৰ (Union home minister Amit Shah) হাতত দাখিল কৰা উমৈহতীয়া চূড়ান্ত
প্ৰতিবেদনক লৈ ২৬ জানুৱাৰীৰ পিছত আন এক বৈঠকত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ
সৈতে দুয়োজন মুখ্যমন্ত্ৰী ৷ দুয়োখন ৰাজ্যৰ সীমা সমস্যা দূৰীকৰণৰ বাবে সীমা
পুনৰ নিৰ্ধাৰণ কৰিব লাগিব ৷ ইয়াৰ বাবে প্ৰয়োজন হ'ব THE NORTH-EASTERN AREAS
(REORGANISATION) ACT, 1971ৰ সংশোধনৰ ৷ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া
সংসদৰ অধিৱেশনত এই সন্দৰ্ভত এক সংশোধনী বিধেয়ক আনিব পাৰে কেন্দ্ৰীয়
গৃহমন্ত্ৰীয়ে ৷
ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰীক উমৈহতীয়া চূড়ান্ত
প্ৰতিবেদন দিয়াৰ পিছত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
মেঘালয়ৰে অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা দুহাৰে ৷ মেঘালয়ৰ ৫০
সংখ্যক ৰাজ্য গঠনৰ দিৱসত মেঘালয়বাসী আৰু মুখ্যমন্ত্ৰী কনৰাড চাংমাক
(Meghalaya chief minister Conrad K Sangma) শুভেচ্ছা আৰু প্ৰশংসা কৰে
মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷
0 Comments