ৰখাই থোৱা কয়লাভৰ্তি গাড়ীৰ পৰা ধন দাবীৰ অভিযোগ, আটক অসম গো-ৰক্ষা বাহিনীৰ নেতা

 


ৰখাই থোৱা কয়লাৰ গাড়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত আটক বিজেপি নেতা৷ অভিযোগ অনুসৰি, হোজাই  নীলবাগানত কয়লাৰ গাড়ীৰ পৰা  নিজে ট্ৰিপাল খুলি পৰীক্ষা কৰিছিল গো-ৰক্ষা বাহিনীৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক ইকৰামুল হুছেইন পাটোৱাৰীয়ে৷ তাৰ পিছতেই স্থানীয় একাংশ চালক আৰু  ৰাইজে উত্তম-মধ্যম দি চমজাই দিয়ে মোৰাঝাৰ আৰক্ষীক (arrested for demanding money) ৷

বিজেপি নেতাজন (BJP Leader) সদৌ অসম গো-ৰক্ষা বাহিনীৰ কেন্দ্ৰীয় সম্পাদক ইকৰামুল হুছেইন পাটোৱাৰী৷ সূত্ৰ অনুসৰি, আজি নীলবাগানৰ এটা পেট্ৰ'ল পাম্পত ৰখাই থোৱা NL 01 AB 1503 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকখনৰ ট্ৰিপাল পৰিবহণ বিষয়াৰ সন্মুখতে  নিজে খুলি পৰীক্ষা কৰিছিল ইকৰামুলসহ তেওঁৰ লগত অহা  এটা যুৱকৰ দলে৷ তাৰ পাছতে গাড়ীখনত কয়লা প্ৰত্যক্ষ কৰি গাড়ীৰ গৰাকী আৰু চালকক মাতি আনি বিজেপি নেতাজনে ধন দাবী কৰাৰ অভিযোগ উঠিছে৷

এই ঘটনা প্ৰত্যক্ষ কৰি থকা স্থানীয় ৰাইজ উত্তেজিত হৈ ইকৰামুল হুছেইনক উত্তম মধ্যম দি বহু সময় আবদ্ধ কৰি ৰাখে৷ ৰাইজে উত্তম মধ্যম দিয়াত ইকৰামুলৰ বাহিৰে বাকীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ পিছত মোৰাঝাৰ আৰক্ষী আৰু হোজাই পৰিবহণ বিভাগৰ এনফ'ৰ্চমেন্ট মখলিছুৰ ৰহমান উপস্থিত হৈ কয়লা গাড়ীখনৰ নথিপত্ৰ পৰীক্ষা কৰি গাড়ীখন এৰি দিয়ে৷

ইফালে মোৰাঝাৰ আৰক্ষীয়ে (Murajhar Police) বিজেপি নেতা ইকৰামুল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি  আটক কৰি মোৰাঝাৰ থানালৈ লৈ যায়৷ কয়লাভৰ্তি গাড়ীখনৰ গৰাকীয়ে বিজেপি নেতাজনৰ বিৰুদ্ধে মোৰাঝাৰ থানাত ধন দাবীৰ এটা গোচৰ তৰিছে৷ BJP নেতাজনক আটক কৰাৰ পিছত হোজাই জিলাত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

 

Post a Comment

0 Comments