অসমত ২৬ লাখ লোকে নল’লে Covid-19ৰ দ্বিতীয় পালি প্রতিষেধক !

 


Covid-19ৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হিচাপে এতিয়া পৰিগণিত হৈছে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিক সম্পূৰ্ণৰূপে ভেকচিন প্রদান কৰাটো । যদিহে এজনো ভেকচিন নোলোৱাকৈ থাকি যায় তেন্তে ক’ৰোনা ভাইৰাছে তেওঁৰ শৰীৰৰ যোগেদি বিৱৰ্তন হৈ অন্য এক ভয়ংকৰ প্ৰকাৰ লোৱাৰ অৱকাশ থাকি যায়; যি প্ৰকাৰৰ ওপৰত ভেকচিনেও কাম নকৰিব পাৰে । কিন্তু অসমত ২৬লক্ষ লোকে দ্বিতীয় পালি প্রতিষেধক গ্ৰহণ নকৰিলে । সোমবাৰ পর্যন্ত ৩.৮৯লাখ Covaxin লোৱা লোকে দ্বিতীয় পালি ভেকচিন নোলোৱাৰ বিপৰীতে Covishield লোৱা ২২.৮১লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা নাই ।

দ্বিতীয় পালি ভেকচিন নোলোৱা সৰ্বাধিক লোকৰ সংখ্যা পোৱা গৈছে কামৰূপ জিলাত । কামৰূপত ১.৬৪লাখ লোকে প্ৰথম পালি গ্ৰহণ কৰি দ্বিতীয় পালি ল’বলৈ নাহিল ।  ১.৩৪লাখৰে দ্বিতীয় স্থানত আছে নগাঁও আৰু ১.৩১লক্ষৰে তৃতীয় স্থানত আছে কাছাৰ । ৰাজ্য চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰা প্ৰাপ্ত এই তথ্য সমূহে চৰকাৰৰ ১০০শতাংশ ভেকচিন প্রদানৰ নীতিৰ ব্যর্থতা প্ৰতিফলিত কৰিছে ।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে দুয়োটা পালি প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰিবলৈ বিভিন্ন পদ্ধতি হাতত লৈছে । দুই পালি নোলোৱা সকলে এতিয়াৰ পৰা নাপাই চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা ।  ৰাজহুৱা স্থান, দোকান, পোহাৰ, অফিচ, কাচাৰী আদিলৈ যোৱাৰো অনুমতি দিয়া হোৱা নাই তেনেলোকক । তাৰ পিছতো দ্বিতীয় পালি নোলোৱা এই বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান ।

Post a Comment

0 Comments