মুলায়মৰ বোৱাৰীৰ বিজেপি গমন আৰু ৪০ বছৰ পুৰণি এটা প্ৰেমকাহিনী, যিয়ে পৰৱৰ্তী ৪৯ দিনলৈ অখিলেশক দিব আঘাত


 অখিলেশ যাদৱৰ বয়স আছিল ৯ বছৰ। তেওঁ তেতিয়া ৰাজনীতিৰ ক, খ বুজি পোৱা নাছিল। সেইসময়ত দেউতাকৰ সৈতে খেলি থকা অখিলেশে নাজানিছিল যে ৪০ বছৰৰ পিছত সেই সময়ত সূচনা হোৱা এটা ঘটনাৰ বাবে তেওঁ জবাব দিব লাগিব। ২০২২ চনৰ ১৯ জানুৱাৰীত অখিলেশে এখন সংবাদমেল অনুষ্ঠিত কৰি আছিল। এজন সাংবাদিকে সুধিছিল- ''অখিলেশজী, অপৰ্ণা বিজেপিলৈ গৈছে (Aparna Yadav had joined BJP), আপুনি কি ক'ব?'' অখিলেশে উত্তৰ দিব পৰা নাছিল। তেওঁ কেৱল কৈছিল- ''তেওঁলৈ শুভকামনা!''

দেশত কংগ্ৰেছ ভাঙি পৰিছিল। উত্তৰ প্ৰদেশত (Uttar Pradesh) পিছপৰা শ্ৰেণীৰ লোকসকলৰ আধিপত্য আছিল, বিশেষকৈ যাদৱসকলৰ। তেওঁলোকে বিচাৰি পাইছিল নেতা। সকলোৱে সেই নেতাৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ আছিল মুলায়ম সিং যাদৱ (Mulayam Singh Yadav)। ক'লা গোঁফৰ মুলায়মৰ তেতিয়া বয়স ৪৩ বছৰ।

তেতিয়া সমাজবাদী পাৰ্টি নাছিল। আছিল ৰাষ্ট্ৰীয় লোক দল। উৰিয়া জিলাৰ বিধুনাৰ কমলাপতিৰ ২৩ বছৰীয়া জীয়েকেও ৰাজনীতিত কিবা কৰিব বিচাৰিছিল। ছোৱালীজনীয়ে ৰাজনৈতিক অনুষ্ঠানত উপস্থিত থাকোঁতে এদিন মুলায়মৰ চকু পৰে তেওঁলৈ। ছোৱালীজনীৰ নাম সাধনা গুপ্তা। সেই সময়ত কেৱল এজন ব্যক্তিয়েহে জানিছিল এই ঘটনা। তেওঁৰ নাম আছিল অমৰ সিং। তেওঁ এতিয়া নাই।

 

Post a Comment

0 Comments