বিৰাট কোহলি-অনুষ্কা শৰ্মাই আদৰিলে নৱবৰ্ষক, কেক কাটি নতুন বছৰক জনালে আদৰণি

 


বলীউড তাৰকা অনুষ্কা শৰ্মা (Anushka Sharma) আৰু তেওঁৰ ক্ৰিকেটাৰ স্বামী বিৰাট কোহলী (Virat Kohli)য়ে দক্ষিণ আফ্ৰিকা (South Africa)ত নৱবৰ্ষত উদযাপন কৰিলে, য'ত ভাৰতীয় ক্ৰিকেট দলে এখন টেষ্ট আৰু এদিনীয়া শৃংখলাত আয়োজক দলৰ বিৰুদ্ধে খেলি আছে।

চেঞ্চুৰিয়ানৰ পৰা তেওঁলোকে নৱবৰ্ষ উদযাপন কৰা এখন ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক নতুন বছৰৰ শুভেচ্ছা জনাইছে অনুষ্কাই।  ইনষ্টাগ্ৰামত অনুষ্কাই লিখিছে, "এই বছৰটোৱে আমাক আটাইতকৈ ডাঙৰ সুখ দিছিল। গতিকে 2021লৈ গভীৰ কৃতজ্ঞতা, ধন্যবাদ!" ছবিখনত  দম্পতীয়ে তেওঁলোকৰ হোটেলত আয়োজিত নৱবৰ্ষৰ পাৰ্টি (New Year party)ত কটা এটা সুন্দৰ কেকৰ সন্মুখত ভংগীমা দি হাঁহি আছে।

বৃহস্পতিবাৰে, ভাৰতীয় ক্ৰিকেট দলে তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন টেষ্টত আয়োজক দক্ষিণ আফ্ৰিকা দলক পৰাস্ত কৰাৰ পিছত অনুষ্কা শৰ্মাই দক্ষিণ আফ্ৰিকাত বিৰাট কোহলীৰ সৈতে কিছু ভাল সময় অতিবাহিত কৰে। ভাৰতে দক্ষিণ আফ্ৰিকাক ১১৩ ৰাণত পৰাস্ত কৰিছিল। ইনষ্টাগ্ৰাম ষ্ট'ৰীজলৈ গৈ অনুষ্কাই এখন টেবুলত বহি সুখী বিৰাটৰ এখন ফটো শ্বেয়াৰ কৰিছিল। তেওঁ বগা টি-চাৰ্ট, ক'লা চৰ্ট আৰু হালধীয়া টুপী পিন্ধিছিল। “Enjoying the view in SA,” বুলি লিখি অনুষ্কাই এটা হৃদয়ৰ ইমোজি যোগ কৰি দিছিল। দুয়োটা দলে সোমবাৰৰ পৰা জোহান্সবাৰ্গত দ্বিতীয় টেষ্টত মুখামুখি হ'ব।
 

Post a Comment

0 Comments