অসম চিকিৎসা মহাবিদ্যাল হাস্পতালে আজি শিশুৰ মৃতদেহ ভুলবশত: সলনাসলনিকৈ প্ৰদান কৰাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় । চিকিৎসা মহাবিদ্যালয়খনে মৃত কন্যা শিশুৰ পৰিৱৰ্তে মাক-বাপেকক চমজাই দিয়ে ল'ৰা শিশুৰ মৃতদেহ। উল্লেখযোগ্য যে তিনিমহীয়া কন্যা শিশুটিৰ আজি মৃত্যু হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ত (assam medical college) । শিৱসাগৰ ঢুলীয়াপাৰ জোনাকী নগৰৰ অবিনাশ বৰা আৰু দীপজ্যোতি বৰাৰ আছিল কন্যা শিশুটি।
কালি পুৱা শিশুটিক পিতৃ-মাতৃয়ে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল। ক'ভিড আক্ৰান্ত কন্যা শিশুটিয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাত প্ৰথমে আদিত্য নাৰ্চিং হোমত ভৰ্তি কৰাইছিল যদিও পিছত অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰে ।
অসম চিকিৎসা মহাবিদ্যালয়ত শিশুটিৰ মৃত্যুৰ পিছত যাৱতীয় নথি-পত্ৰ পৰীক্ষা কৰি চিকিৎসালয় কৰ্তৃপক্ষই পুৱা মৃত শিশুটিক চমজাই দিছিল পিতৃ-মাতৃক। সেই অনুসৰি শিশুটিৰ মৃতদেহ শিৱসাগৰৰ শান্তিবন শ্মশানত অন্ত্যেষ্টিক্ৰয়াৰ বাবে সাজু কৰাৰ সময়তহে পোহৰলৈ আহে ভয়ংকৰ তথ্য।
কন্যা শিশুৰ পৰিৱৰ্তে AMCH কৰ্তৃপক্ষই পৰিয়ালটোক এটি ল'ৰা শিশুৰ মৃতদেহ
প্ৰদান কৰে (medical authority handed over the bodies of a boy instead of
girl child)। ইয়াৰ পাছতে উত্তপ্ত হৈ পৰে পৰিৱেশ । অবিনাশ বৰাই ইতিমধ্যে
শিৱসাগৰ সদৰ থানাত এক অভিযোগ দাখিল কৰিছে।
লক্ষণীয় যে চৰাইদেও জিলাৰ
মৰাণ খুমটাইৰ ৱাছিদ আলী নামৰ এজন লোকৰ ডেৰমহীয়া শিশুৰ ক'ভিড আক্ৰান্ত হৈ
মৃত্যু হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ত। ৱাছিদৰ মৃত সন্তানৰ সৈতে সলনি
হৈছিল অবিনাশ বৰাৰ সন্তান।
0 Comments