আল্লু অৰ্জূনৰ 'পুষ্পা'ৰ বহুত মেডিকেল সমস্যা আছে, ভাইৰেল ভিডিঅ'ত কি ক'লে চিকিৎসকে


 গোটেই দেশ এতিয়া পুষ্পা (Pushpa: The Rise) জ্বৰত আক্ৰান্ত! ছচিয়েল মিডিয়া পুষ্পাৰ অলেখ মিমছ, ভিডিঅ' আৰু ফটোৰে ভৰি পৰিছে প্ৰতিদিনে। পুষ্পাৰ ডায়লগ, পুষ্পাৰ গান, পুষ্পাৰ অভিনয়ৰ ৰিলছেৰে ছচিয়েল মিডিয়া ভৰি পৰিছে। বলীউড তাৰকাৰ পৰা ক্ৰিকেট তাৰকালৈ সকলোৱে পুষ্পা জ্বৰ (Pushpa Fever)ত আক্ৰান্ত হৈছে। এইবোৰৰ মাজতে নতুন এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল (Pushpa Viral Video) হৈছে। সেইটো হৈছে এজন ডাক্টৰৰ ভিডিঅ'। ব্লকবাষ্টাৰ চিনেমাখন চাই উঠি ডাক্টৰজনে নিজৰ ভিডিঅ'টোত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিছে আৰু কৈছে পুষ্পা ৰাজ (Pushpa: The Rise)ৰ বহু মেডিকেল সমস্যা আছে আৰু এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে।

ইনষ্টাগ্ৰামত ডাক্টৰ এক্সট্ৰা চাটনী বুলি একাউণ্ট এটাত ডাক্টৰজনে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে আৰু পুষ্পাৰ মেডিকেল সমস্যাবোৰ কৈ গৈছে।

আমি সকলোৱে দেখিছোঁ যে পুষ্পাই চিনেমাখনত একটিয়াকৈ ভৰি দুপিয়াই খোজ কাঢ়ে। এই বাবে শ্ৰীৱল্লী গানটোও হিট হৈ পৰিছে। ডাক্টৰজনে ভিডিঅ'টোত কৈছে এইটো হৈছে কমন পেৰোনিয়েল নাৰ্ভ ইনজুৰী ৰোগ। মেৰুদণ্ডৰ স্নায়ুৰ ৰোগৰ বাবেই হেনো পুষ্পাই এখন কান্ধ দুপিয়াই খোজ কাঢ়ে। ভিডিঅ'টো সঁচাকৈ হাঁহি উঠা।

Post a Comment

0 Comments