কোৰোনাত আক্ৰান্ত হোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। সোমবাৰে নিশা বিধায়কগৰাকী জি এম চি এইচলৈ স্বাস্থ্যৰ পৰীক্ষাৰ বাবে গৈছিল যদিও নিশাই উভতি আহে ঘৰলৈ। বৰ্তমান কোৰোনাত আক্ৰান্ত পত্নী-পুত্ৰৰ সৈতে ঘৰতে কোৱাৰেন্টাইন হৈ আছে বিধায়কগৰাকী।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথমে পত্নী-পুত্ৰৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে অখিল গগৈৰ দেহতো ধৰা পৰিছিল সংক্ৰমণ। ইয়াৰ পাছতে বিধায়কগৰাকীৰ সকলো সভা স্থগিত ৰখাৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোৰোনাৰ পৰীক্ষা কৰাবলৈ আহ্বান জনাইছিল তেওঁ।
0 Comments