বিজেপিৰ সৈতে মিত্ৰতাত থাকি পৌৰ নিৰ্বাচনত নামিব অগপঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা


 ক'ভিড পৰস্থিতি শাম কাটিলেই ৰাজ্যত অনুষ্ঠিত হ'ব নিগম, নিকায়, পৌৰ সভা, পৌৰ নিগম আৰু স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অগপ দলে। আঞ্চলিক দলটোৱে বিজেপি দলৰ সৈতে মিত্ৰতাৰে আটাইকেইটা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি NEWS18ক জনাই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

আসন সম্পৰ্কত বিজেপি আৰু অগপ দুয়ো পক্ষই এৰা-ধৰা কৰিব বুলিও কয় জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মতে, জ্যেষ্ঠ ভাতৃ বিজেপিয়ে কনিষ্ঠ ভাতৃ অগপক মৰ্যাদাপূৰ্ণ আসন দিব।

ইফালে অচিৰেই কংগ্ৰেছৰ কেইজনমান বিধায়কে অগপত যোগ দিব দিব বুলিও জনাই অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মতে কংগ্ৰেছৰ ২/৩ গৰাকী বিধায়কে অগপ নেতৃত্বৰ সৈতে সঘন যোগাযোগ কৰি আছে। আগন্তুক গুৱাহাটী পৌৰ নিগমৰ ৩১খন আসনৰ পোন্ধৰখন আসনেই বিজেপিৰ পৰা বিচাৰিছে বুলি অগপ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Post a Comment

0 Comments