ৰুগীয়া পিতৃৰ বাবে ঔষধ অনা নহ'ল শ্ৰীমন্তৰ, চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ ভগ্ন দলঙত দুৰ্ঘটনাত মৃত্যু

 


যোৱা ১৬ জানুৱাৰীত আকস্মিকভাৱে ভাগি পৰা শিৱসাগৰ জিলাৰ চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ ভগ্ন দলঙত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা।দলঙৰ লোকনিৰ্মাণ বিভাগে দায়িত্বজ্ঞানহীনভাৱে জাপি থোৱা বালিভৰ্তি বস্তাৰ দ'মত খুন্দিয়াই অতি কৰুণভাৱে মৃত্যুক সাৱটি লয় এজন চাইকেল আৰোহীয়ে (Youth Died in Accident at sivasagar)।

বকতা জয়া তিনিআলিৰ শ্ৰীমন্ত ফুকন নামৰ যুৱকজনে চাইকেলেৰে আহি খুন্দা মাৰে বালিভৰ্তি বস্তাৰ দ'মত। জানিব পৰা মতে, সন্ধিয়া সময়ত ৰুগীয়া পিতৃৰ বাবে ঘৰৰ পৰা ধিতাইপুখুৰীলৈ ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ আহিছিল যুৱকজন৷ বকতাৰ ফালৰ পৰা ভঙা দলংখনৰ ওপৰত বাঁহেৰে সজা দলংখন পাৰ হৈ মূল দলংখনো পাৰ হোৱাৰ পিছত লোকনিৰ্মাণ বিভাগে বিপদসংকুলভাৱে দলঙৰ মূৰত দ'মাই থোৱা বালিৰ বস্তাত খুন্দা মাৰি পকী পথত বাগৰি পৰে যুৱকজন (A tragic accident took place on the broken bridge of Disang River)৷

Post a Comment

0 Comments