পাকিস্তানত খ্ৰীষ্টান ধৰ্মগুৰুক গুলীয়াই হত্যা সংখ্যালঘু সম্প্ৰদায়ক পাকিস্তানত আক্ৰমণৰ লক্ষ্য কৰি লৈছে মৌলবাদীয়ে

 


পাকিস্তানৰ উত্তৰ-পশ্চিম চহৰ পেছোৱাৰত দেওবাৰৰ প্ৰাৰ্থনাৰ পিছত ঘৰলৈ উভতি অহা এজন খ্ৰীষ্টান ধৰ্মগুৰুক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ লগতে আন এজন আহত হয়। আৰক্ষীৰ তথ্য অনুসৰি, পেছোৱাৰৰ গুলবাহাৰ অঞ্


চলত হোৱা আক্ৰমণত বিশপ উইলিয়াম চিৰাজক কেইবাজাই গুলী ফুটাই হত্যা কৰা হয়। আনহাতে ফাদাৰ নাইম পেট্ৰিক আঘাতপ্ৰাপ্ত হয়। আৰক্ষী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে। অপৰাধীক ধৰিবলৈ চহৰৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। এতিয়ালৈকে, কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

পাকিস্তানৰ সংখ্যালঘু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰি কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা শেহতীয়াভাৱে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। আৰক্ষীৰ মতে, তেওঁলোকে মটৰ চাইকেলত পলাই যোৱা আক্ৰমণকাৰীক বিচাৰি উলিয়াবলৈ চিচিটিভি ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে। পাকিস্তান উলেমা পৰিষদৰ সভাপতি তথা আন্তঃধৰ্মীয় সম্প্ৰীতি আৰু পশ্চিম এছিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ প্ৰতিনিধি হাফিজ মহম্মদ তাহিৰ মাহমুদ আশ্ৰাফিয়ে পুৰোহিতৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছে। মুখ্যমন্ত্ৰী মাহমুদ খানে এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে আৰক্ষীক যিমান সম্ভৱ সোনকালে আক্ৰমণকাৰী দলটোক বিচাৰি গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে।

Post a Comment

0 Comments